ধুবুৰী, ১১ ডিচেম্বৰ (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত মুখ্যমন্ত্ৰী উন্নত পকীপথ নিৰ্মান আঁচনিৰ অধীনৰ কোটি টকীয়া কামত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে । গৌৰীপুৰ মদাইখালি আৰু ঝালেৰআলগা সংযোগী ১.৩৪০ কিলোমিটাৰ লোক নিৰ্মান বিভাগৰ একমাত্ৰ এই পথটো উন্নীতকৰণৰ বাবে চৰকাৰে ১,০৯,২১,৭২১ (১ কোটি ৯ লাখ ২১ হাজাৰ ৭২১) টকা আবন্টন দিছে।
এই কামটো সম্পন্ন কৰাৰ বাবে বিভাগীয় ঠিকাদাৰ সুমিত চৌহান আৰু দ্বায়িত্বত থকা অভিযন্তা নৰেন্দ্ৰ চৌধাৰীৰ বিৰূদ্ধে অভিযোগ তুলিছে স্থানীয় ৰাইজে। বিজ্ঞান সন্মত কাম নকৰাৰ লগতে ৫ মিটাৰ বহলৰ পৰিৱৰ্তে ৩ মিটাৰ বহল ৰাস্তাৰ কাম কৰাৰ অভিযোগ। তাপৰ্যপূৰ্ণভাৱে ঠিকাদাৰজনে পথ নিৰ্মাণৰ কামত কামৰ আৰম্ভণিৰ পৰাই দুৰ্নীতিৰ আশ্ৰয় লৈছে , ৰাইজে অভিযোগ কৰিলে বিভিন্ন ধৰণৰ ভয় ভাবুকি দেখুৱাই কাম কৰাৰ অভিযোগ।
অভিযোগ মতে, পথচোৱাৰ দুইফালে মাটি পেলোৱাৰ কথা আছিল যদিও নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতো নাই মাটি। যাৰ বাবে প্ৰত্যেক দিনেই বৃদ্ধি পাইছে দুৰ্ঘটনাৰ স্ংখ্যা, হতাশাত ভুগিছে ৰাইজে। এখন ই ৰিক্সা পাৰ হলে এখন ৰখি থাকিব লাগে।ইতিমধ্যে অঞ্চলটোৰ ৰাইজে ধুবুৰী জিলা আয়ুক্ত, লোক নিৰ্মান বিভাগক এখনকৈ লিখিত অভিযোগ দাখিল কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
