ধুবুৰী জিলাৰ বিলাসীপাৰাত যোৱা কালি সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই ঘটনাত থিতাতে এজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন। বিলাসীপাৰাৰ হেলাগাড়ীত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।
BulletsIn
- ঘটনাৰ স্থান: ধুবুৰী জিলাৰ বিলাসীপাৰা।
- ঘটনাৰ সময়: যোৱা কালি সন্ধিয়া।
- দুৰ্ঘটনাৰ কাৰণ: দুখন তীব্ৰ বেগী মটৰ চাইকেলেৰ মাজত মুখামুখি সংঘৰ্ষ।
- মটৰ চাইকেল নম্বৰ: এএছ ১৯ টি ২৯৫০ আৰু এএছ ১৭ এইচ ২০১৩।
- নিহত: এজন লোক থিতাতে নিহত।
- আহত: দুজন গুৰুতৰভাৱে আহত।
- পুলিশৰ তৎপৰত: সাপটগ্ৰাম আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়।
- প্ৰাথমিক চিকিৎসা: ৰাণীগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি।
- মৃতৰ পৰিচয়: মৃত ব্যক্তি জনৰ নাম মমিনূৰ জামান হক।
- আহতৰ অৱস্থা: আন দুজনৰ অৱস্থা সংকটজনক, উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজত প্ৰেৰণ।
