কোকৰাঝাৰ, ২০ অক্টোবৰ (হি.স.): মহান শিল্পী জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথি উপলক্ষে গোসাঁইগাঁৱৰ ছেৰফাংগুৰিত যোৱাকালি দেওবাৰে সন্ধিয়া শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ পশ্চিম জিলা সমিতিৰ উদ্যোগত সংগঠনৰ মুখ্য কাৰ্যলয়ত আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে গোসাঁইগাঁও স্বৰ্ণদল শাখা সাহিত্য সভাৰ সভাপতি তথা বিশিষ্ট সাংবাদিক খনীন্দ্ৰ নাথ দাসে অসম তথা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনায়৷
এমহীয়া মৃত্যু তিথিৰ লগত সংগতি ৰাখি আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰাক্তন পৌৰপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, আছুৰ গোসাঁইগাঁও আঞ্চলিক সমিতিৰ সম্পাদক আফজালুৰ ৰহমান, গোসাঁইগাঁও শাখা সত্ৰ আৰু নামঘৰ পৰিচালনা সমিতিৰ উপদেষ্টা মানিক চন্দ্ৰ ডেকা, বিটিচিৰ প্ৰাক্তন পাৰিষদ বক্তাৰ আলী আহমেদ, গোসাঁইগাঁও উকিল সন্থাৰ কাৰ্যকৰী সভাপতি মোখলেছুৰ ৰহমান, অধিবক্তা মাফিজুৰ ৰহমান সহ আন বহু বিশিষ্ট নাগৰিক উপস্থিত থাকি মহান শিল্পী গৰাকীক সোঁৱৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে৷ অনুষ্ঠানত প্ৰয়াত শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই গীত পৰিবেশন কৰা হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
