শিৱসাগৰ, ২০ অক্টোবৰ (হি.স.)। অসমীয়াৰ হিয়াৰ আমঠু,হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি নাজিৰাৰ সমজিলাৰ অন্তৰ্গত মহেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী আন্ত: চাহবাগিছা ফুটবল প্ৰতিযোগিতা দেওবাৰৰ পৰা আৰম্ভ হৈছে। নাজিৰাৰ বামুণপুখুৰী চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ নাজিৰা শাখাৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে আন্ত:চাহ বাগিচা ফুটবল প্ৰতিযোগিতা ৷ অসম চাহ মজদুৰ সংঘৰ অন্যতম প্ৰতিষ্ঠাপক মহেন্দ্ৰ নাথ শৰ্মা সোৱঁৰণিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
উদ্ধোধনী খেলত বিহুবৰ চাহ বাগিচা আৰু খনা চাহ বাগিছা মাজত এখন উত্তেজনা পূৰ্ণ খেল অনুষ্ঠিত হয়। উক্ত খেলত বিহুবৰ চাহ বাগিচাৰ ফুটবল দলটিয়ে খনা চাহবাগিচাৰ ফুটবল দলটিক ১১ নম্বৰ জাৰ্চি পিন্ধা উদেশ দাসৰ একমাত্ৰ গ’লেৰে দলটিক দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰোৱায়। হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত তথা হৰ্ষোল্লাসত উদেশ দাসৰ পূনপটীয়া এটা কিকত বিপক্ষৰ গলকীপাৰৰ বেহু ভেদি নেট চুমে।
খেল খনৰ প্ৰথমাৰ্ধত গ’ল শূণ্য ভাৱে সামৰণি পৰে। প্ৰথমাৰ্ধত দুয়োটা দলে কেইবাটাও স্ক’ৰ কৰাত সুযোগ লাভ কৰে যদিও ব্যৰ্থ হয়। খেলৰ দ্বিতীয়াৰ্ধত বিহুবৰৰ চুটি চুটি পাছেৰে বিপক্ষৰ মূৰৰ কামোৰণি কৰি তুলিছিল। ফলত খেলৰ দ্বিতীয়াৰ্ধৰ ৪৫ মিনিটত বিহু বৰ দলৰ হৈ ১১ নম্বৰ জাৰ্চি পৰিধানিত উদেশ দাসৰ একমাত্ৰ গ’লেৰে নিজ দলক দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰোৱায়। এই খেল খনৰ মুখ্য পৰিচালক আছিল পৰিমল বুঢ়াগোঁহাই, লাইনত আতিকুৰ ৰহমান আৰু জুৱেল চৌধুৰী আৰু চতুর্থ ৰেফাৰি আছিল ৰমেশ তাঁতী ।
চাহবাগিছা অঞ্চলৰ উঠি অহা নৱ প্ৰজন্মক শাৰীৰিক, মানসিক বিকাশ উৎকৰ্ষ সাধনৰ উদ্দেশ্যৰে নাজিৰা বামুণপুখুৰীত অনুষ্ঠিত হৈছে এই আন্তঃচাহবাগিচা ফুটবল প্ৰতিযোগিতা ৷
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
