
চৰাইদেউ, ০৪ ছেপ্টেম্বৰ (হি.স.)। অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়নেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যা সমাধানৰ দাবীত সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি পুৱা ৬ বজাৰ পৰা আৰম্ভ হৈছে ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী। সোণাৰি ছহিদ উদ্যানত ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰিছে এই অনশন কাৰ্যসূচীত।
সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত ৰাজ্য জুৰি আৰম্ভ হোৱা অনশন কাৰ্যসূচীৰ জৰিয়তে শীঘ্ৰেই অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ সকলো পৰামৰ্শ ক্ষিপ্ৰতাৰে ৰূপায়নৰ দাবী জনাইছে। আনহাতে ‘কা’ৰ আওতাৰ পৰা অসমক সম্পূৰ্ণৰূপে আঁতৰত ৰাখি অসমক অবৈধ বিদেশীৰ চৰণীয়া পথাৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈও দাবী তুলিছে ছাত্ৰ সন্থাই ।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
