ইম্ফল, ০১ মাৰ্চ : মণিপুৰ আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাৰ স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলত তীব্ৰ অভিযান আৰু তালাচী চলায়। এই অভিযানত ভাৰতীয় ন্যায়িক সংহিতাৰ বিভিন্ন ধাৰা উলংঘা কৰাৰ অপৰাধত ১৫৫ জন লোকক আটক কৰা হয়।
আজি আৰক্ষীয়ে জনোৱা মতে, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা ৩৫৫ খন আৰু ২ নং ৰাষ্ট্ৰীয় ঘাইপথত ৪১৬ খন বাহনৰ চলাচল নিশ্চিত কৰা হৈছে। যান-বাহনৰ মুক্ত আৰু নিৰাপদ চলাচল নিশ্চিত কৰিবলৈ সকলো স্পৰ্শকাতৰ স্থানত কঠোৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
স্পৰ্শকাতৰ অঞ্চলত বৃহৎ পৰিসৰত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে জনোৱা মতে, মণিপুৰৰ বিভিন্ন জিলাত পাহাৰ আৰু উপত্যকা উভয়তে ১৩২টা চেকপইণ্ট আৰু চেকপোষ্ট স্থাপন কৰা হৈছে।
