দৰং, ২৬ জুলাই (হি.স.)। আঞ্চলিক দল অসম গণ পৰিষদৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ কৰ্মীসকল পুনৰ সক্ৰিয় হৈ পৰিছে। ২৬ ৰ নিৰ্বাচনত ছিপাঝাৰ বিধানসভা সমষ্টিত অগপৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ এতিয়াৰে পৰা তৎপৰতা আৰম্ভ কৰিছে ।
বিজেপিৰ দখলত থকা ছিপাঝাৰ বিধানসভা সমষ্টি এইবাৰ যিকোনো প্ৰকাৰে অসম গণ পৰিষদক গতাই দিব লাগিব বুলি দাবী কৰিছে দৰঙ জিলা সমিতিৰ অগপ কৰ্মীয়ে। ছিপাঝাৰত অনুষ্ঠিত এখন সাংগঠনিক বৈঠকত এই কথা উল্লেখ কৰে অগপ জ্যেষ্ঠ কনিষ্ঠ কৰ্মী সকলে। প্ৰাক্তন ৰাজহ মন্ত্ৰী জয়নাথ শৰ্মাক লগত লৈ আগন্তুক দিনত নিৰ্বাচনত নামি পৰাৰ সংকল্প গ্ৰহণ কৰিছে এই সকল অগপ কৰ্মীয়ে।
—————
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
