শিৱসাগৰ, ১৪ নৱেম্বৰ (হি.স.)। শিৱসাগৰ থানা ৰোডত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এখন গেলামালৰ দোকানৰ পৰা এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ।
প্ৰায় চাৰিখন গেলামালৰ দোকানত এই অগ্নিকাণ্ডৰ জুইৰ শিখাই আগুৰি ধৰে। চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা চলায়। পিছত অগ্নিনিৰ্বাপন হয় যদিও সম্পূৰ্ণ ক্ষয়-ক্ষতি জানিব পৰা হোৱা নাই ।
————-
—————
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
