মৰিগাঁও, ১৬ জানুৱাৰী (হি স)। ছাত্ৰীক যৌন অতিশয্যা কৰাৰ অভিযোগত এগৰাকী ঘৰুৱা শিক্ষকক লপা–থপা দি ৰাইজে আৰক্ষীক গতাই দিছে। যোৱা নিশা মৰিগাঁও সাপমাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে। নিজে টিউচন কৰা ছাত্ৰীক যৌন অতিশয্যা চলোৱাৰ অভিযোগ ঘৰুৱা শিক্ষক (টিউচন) জনৰ বিৰুদ্ধে। ধৃত শিক্ষক জন সাপমাৰী গাঁৱৰ একেটা চুবুৰীৰে বাচো নাথ বুলি পৰিচয় পোৱা গৈছে।
অভিযোগ অনুসৰি শিক্ষক বাচো নাথে ছাত্ৰী গৰাকী জ্যেষ্ঠ ভগ্নীক প্ৰথমে প্ৰেমৰ প্ৰস্তাৱ দিছিল, ইয়াৰ পিছতেই যুৱতী গৰাকীয়ে বাহিৰত থকা মাকৰ ওচৰলৈ আঁতৰি গৈছিল। সেই সময়তে ভিতৰত অকলে পঢ়ি থকাৰ সময়ত শালীনতা হানিৰ চেষ্টা কৰিছিল । ইয়াৰ পিছতেই ছাত্ৰী গৰাকীয়ে চিঞৰি দিয়াত মাক বায়েকৰ সহযোগত ওচৰ চুবুৰীয়াই কৰায়ত্ত কৰি লপাথপা দিয়ে শিক্ষকজনক। পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ শিক্ষক বাচো নাথক আটক কৰি মৰিগাঁও সদৰ থানালৈ নিয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
অন্যহাতে টিউচন ছাৰ বাচো নাথে অভিযোগ খণ্ডন কৰি কয় যে, বিহু বুলি মই মদ খাইছোঁ কিন্তু চৰিত্ৰহীন নহয়। মই কোনো ধৰণৰ ভুল কৰা নাই।
