শিৱসাগৰ, ১৩ এপ্ৰিল। আজি অসমৰ সকলো প্ৰান্তৰ লগতে নাজিৰাতো গৰু বিহুৰ উদযাপন কৰা হয়৷ এই গৰু বিহুৰ দিনটোত নাজিৰাৰ গাওঁ বাসীয়ে পথাৰত পালন কৰে গৰু বিহু৷
নাজিৰাৰ পথাৰত আজি গৰু বিহুৰ দিনটোত হুচৰি গায় গাৱৰ যুবক সকলে আনন্দ মনে মাহ হালধি সানি অতিতৰ পৰম্পৰাগত নিয়ম মানি নিজৰ গৰু কেইটা আনি পথাৰৰ ৰাজহুৱা পুখুৰীত গা ধোৱাই , ন- পঘা দি আনন্দোৎসৱেৰে পালন কৰে গৰু বিহু ।
