নতুন দিল্লী, ১৬ জানুৱাৰী (হি.স.)। বিশ্বৰ নৱম বাচনিৰ খেলুৱৈ এইছএছ প্ৰণয়ে মঙলবাৰে ইয়াৰ কে ডি জাধৱ ইনড’ৰ হলত ব্যতিক্ৰমী বেডমিণ্টন দক্ষতা প্ৰদৰ্শন কৰি চাইনিজ টাইপেইৰ চৌ টিয়েন চেনৰ বিৰুদ্ধে পোনপটীয়া খেলত জয়লাভ কৰি ইণ্ডিয়া অ’পেন ছুপাৰ ৭৫০ প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে । ৪২ মিনিটৰ খেলখনত প্ৰণয়ে ১৩ নং স্থানৰ চেনক ২১-৬, ২১-১৯ ব্যৱধানত পৰাস্ত কৰে।
মেচৰ পিছত প্ৰণয়ে কয়, ‘প্ৰথমখন খেলতে পৰিকল্পনা নিখুঁত আছিল। ক’ৰ্টৰ পিছফালৰ পৰা ভাল শ্বট মাৰিছিলো। তেওঁৰ দৈৰ্ঘ্য সঠিকভাৱে আহিব পৰা নাছিল, গতিকে প্ৰথমখন খেলখন সোনকালে শেষ কৰিবলৈ মই সুযোগ লাভ কৰিলোঁ। দ্বিতীয়খন খেলত তেওঁ গতি ঠেলি দিছিল যদিও ১১-১৬ৰ পৰা উভতি আহি মই সুখী হৈছিলো আৰু শেষলৈকে মই সঠিক খেল খেলি আছিলো।”
তেওঁ আৰু কয় যে দুখন খেলত মেচখন বন্ধ কৰাটো গুৰুত্বপূৰ্ণ আছিল কাৰণ মেচখন যদি তৃতীয়খন খেললৈ গ’লহেঁতেন তেন্তে সদায় কঠিন কাৰণ তেওঁ (চেনে) নিজৰ অভিজ্ঞতাৰে আগবাঢ়ি আছে।’
ইয়াৰ পিছত দ্বিতীয় ৰাউণ্ডত লক্ষ্য সেন আৰু প্ৰিয়ংশু ৰাজাৱতৰ মাজত অনুষ্ঠিত হ’বলগীয়া মেচখনৰ বিজয়ী দলৰ বিৰুদ্ধে মুখামুখি হ’ব এইচ এছ প্ৰণয়।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
