কামৰূপ, ১৭ আগষ্ট (হি.স.)। নিশা ছয়গাঁৱত সৃষ্টি হই এক উত্তপ্ত পৰিস্থিতিৰ। শনিবাৰে নিশা ছয়গাঁৱৰ ৰদালি হোটেল এণ্ড লজত আৰক্ষীৰ অভিযান ৷ জানিবপৰা মতে গোৱালপাৰা আৰক্ষীয়ে এক গোচৰৰ ভিত্তিত অভিযান চলাই লজ খনত ৷ লজৰ নথিপত্ৰ পৰীক্ষা কৰাৰ অন্তত লজৰ স্বত্বাধিকাৰীক আৰক্ষীয়ে নিশাই লৈ যায় গোৱালপাৰালৈ ৷
আনহাতে আৰক্ষীয়ে লজত অভিযান চলোৱাৰ সময়তে লজৰ সন্মুখত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ স্থানীয় ৰাইজৰ অভিযোগ যে বহুদিনৰ পৰা ৰদালি লজত অনৈতিক কাৰ্য সংঘটিত হৈ আহিছে আৰু ছয়গাঁৱৰ পৰিবেশ বিনষ্ট কৰিছে ৷ স্থানীয় ৰাইজে আৰক্ষীক দিয়া অভিযোগ অনুসৰি এনে ধৰণৰ লজ ছয়গাঁও অঞ্চলত ১০ খনতকৈ অধিক আছে আৰু অতি শীঘ্ৰে এই ল’জ সমূহ বন্ধ কৰিব লাগে বুলি আৰক্ষীক দাবী জনাই স্থানীয় লোকে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
