কাঠুৱা, ১৭ আগষ্ট (হি.স.)। জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাৰ এখন দুৰ্গম গাঁৱত ডাৱৰ বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ৬ জন আহত হয়।
বিষয়াসকলে জনোৱা মতে, শনিবাৰ আৰু দেওবাৰৰ মাজৰ নিশা ৰাজবাগৰ জোড ঘাটি গাঁৱত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। গাঁওখনলৈ যোৱা পথ অৱৰোধ কৰি মানুহৰ সা-সম্পত্তি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। বহু কষ্টৰ অন্তত আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ যৌথ দলে সেই স্থানত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে।
বিষয়াসকলে জনোৱা মতে, এই পৰ্যন্ত চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে আন ৬ জন লোকক আহত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কথুৱা থানা এলেকাৰ বাগৰ আৰু চাংদা গাঁও আৰু লখনপুৰ থানা এলেকাৰ দিলৱান-হুতলীতো ভূমিস্খলন সংঘটিত হৈছে যদিও কোনো বৃহৎ ক্ষতিৰ খবৰ পোৱা নাই বুলি জানিবলৈ দিয়ে।
বিষয়াসকলে জনোৱা মতে, ধাৰাসাৰ বৰষুণৰ বাবে অধিকাংশ জলাশয়ৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু উঝ নদী বিপদ চিহ্নৰ ওচৰত বৈ গৈছে। পৰিস্থিতিৰ ওপৰত জিলা প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ৰাইজক জলভাগৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
