
ধুবুৰী, ২৭ আগষ্ট (হি.স.): ধুবুৰী জিলাৰ তামাৰহাট বাঘডোকৰা চৰত যোৱাকালি মঙলবাৰে বিয়লি এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। পানীত পৰি সলিল সমাধি ঘটে দুই স্কুলীয়া ছাত্ৰীৰ । মোহছিনা খাতুন আৰু আফছানা খাতুনৰ পানীত পৰি মৃত্যু হয়।
উল্লেখ্য় যে বাবলু শ্বেখৰ কন্যা মোহছিনা খাতুন চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী । ইফালে আব্দুল আলিমৰ কন্যা আফছানা খাতুন দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী আছিল । দুয়ো জনীয়ে বাঘডোকৰা চৰ এল পি, স্কুলৰ ছাত্ৰী । বিদ্যালয়ৰ পৰা আহি গা ধুবলৈ গৈছিল সুঁতিত । তাতে দুয়ো গভীৰ পানীত নিখোজ হয় । স্থানীয় লোকে অভিযান চলাই দুয়োৰে মৃতদেহ উদ্ধাৰ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
