বাক্সা, ০৬ জানুৱাৰী (হি.স.): ৰাজ্যখনৰ চৰকাৰী শিক্ষা বিভাগৰ উদ্যোগত সম্প্ৰতি চলি থকা ”গুণোৎসৱ”ত বড়ো মাধ্যম উপেক্ষিত হোৱাৰ অভিযোগ উত্থাপন কৰি চৰকাৰ তথা চৰকাৰী শিক্ষা বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বড়ো সাহিত্য সভা। বাক্সা জিলাৰ শালবাৰীত বড়ো সাহিত্য সভাৰ শালবাৰী জিলা সমিতিয়ে যোৱাকালি সন্ধিয়া ততাতৈয়াকৈ আয়োজন কৰা এখন সংবাদমেলত ঘাইকৈ গণিত আৰু বিজ্ঞান দুয়োটা বিষয়ৰ প্ৰশ্নকাকতত বড়ো মাধ্যম উপেক্ষিত হৈ থকাত ক্ষোভ ব্যক্ত কৰে।
বড়ো সাহিত্য সভাৰ শালবাৰী জিলা সমিতিৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে শালবাৰী জিলা সমিতি কাৰ্যালয় প্ৰাঙ্গনত আয়োজন কৰা সংবাদমেল খনত ৰাজ্যখনত প্ৰচলিত সকলো ভাষাৰে সমমৰ্যদা প্ৰদান কৰাৰ মুখ্য়মন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰাৰ পাছতো শেহতীয়া গুণোৎসৱত ইয়াৰ বিপৰীত স্থিতি দেখিবলৈ পোৱাত আক্ষেপ ব্য়ক্ত কৰে। তেওঁ কয় যে চলিত বৰ্ষৰ আগষ্ট মাহৰ ২৯ আগষ্টত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৰে বড়ো সাহিত্য সভা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ উপস্থিতিত হোৱা আলোচনাত শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে ৰাজ্য চৰকাৰে বড়ো ভাষাৰ লগতে ৰাজ্যখনত প্ৰচলিত সকলো ভাষাৰে সমবিকাশ আৰু সমমৰ্যদা প্ৰদানত গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ লগতে আগন্তুক দিনত ভাষাক লৈ কোনো সমস্যা নাথাকিব আৰু আটায়ে নিজ নিজ মাতৃভাষাত পৰীক্ষা দিব পাৰিব বুলি কোৱা কথাৰ উল্লেখ কৰে বড়ো সাহিত্য সভাৰ শালবাৰী জিলা সমিতিৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
