নগাঁও, ২৫ ডিছেম্বৰ (হি.স.): দেওবাৰে নিশা চামগুৰিৰ শিঙিমাৰীত উপস্থিত হয় ধিং সমষ্টিৰ এইউআইডিএফ দলৰ বিধায়ক আমিনুল ইছলাম। বিধায়কগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত এইউআইডিএফ দলে তিনিটা সমষ্টিত প্ৰাৰ্থী দিব বুলি পুনৰ দোহাৰে।
বিধায়কজনে কোৱা মতে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিবলগা লোকসভা সমষ্টিকেইটা হৈছে ক্ৰমে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জ। দলৰ এই সিদ্ধান্তৰ কথা আকৌ এবাৰ দোহাৰিলে বিধায়ক আমিনুলে। তেওঁ কয়–২০১৪ চনতো তিনিজন সাংসদ পাইছিলো আৰু এইবাৰো তিনিজনেই পাম।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
