ধুবুৰী, ২১ অক্টোবৰ (হি.স.): দীপাৱলিৰ নিশা সোমবাৰে ধুবুৰীত ভয়ংকৰ অগ্নি কাণ্ডৰ ঘটনা সংঘটিত হয়। ধুবুৰী বজাৰৰ হকাৰ মৰ্কেটত যোৱা কালি সোমবাৰে নিশা প্ৰায় ১.৩০ বজাত সংঘটিত হয় বিধ্বংসী অগ্নি কাণ্ড । এই ঘটনাত প্ৰায় ১৪ খন কৈ দোকান নিমিষতে জ্বলি ছাই হৈ যায়। এই ভয়ংকৰ অগ্নিকাণ্ডত কাপোৰৰ দোকান, বেগৰ দোকান আৰু আতচবাজিৰ দোকানও সম্পূৰ্ণৰূপে জ্বলি ছাই হয় ।
ইফালে অগ্নিকাণ্ডৰ ঘটনাৰ খৱৰ পোৱাৰ লগে লগে ঘটনাস্থলিত উপস্থিত হয় ধুবুৰী জিলা প্ৰশাসন, আৰক্ষী আৰু ধুবুৰী পৌৰ সভাৰ লোক। কোনো ব্যক্তি এই অগ্নি কাণ্ডত হতাহত হোৱা নাই যদিওঁ প্ৰায় ৫০ ৰ পৰা ৭০ লক্ষাধিক টকাৰ বয় বস্তু জ্বলি ছাই হয় এই ভয়ংকৰ অগ্নি কাণ্ডত। আনহাতে কাষৰ দুটাকৈ বিল্ডিঙতো বিয়পি পৰিছিল জুই। নিশা সৃষ্টি গৈছিল এক ভয়ংকৰ পৰিৱেশ। অৱশেষত ৫ খন কৈ অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজে মিলি বহু চেষ্টাৰ ফলত জুই নিয়ন্ত্ৰনত লৈ আনিবলৈ সক্ষম হয় ।
ইপিনে জুই নুমাবলৈ অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীত প্রথম অৱস্থাত পানী নথকাক লৈও আন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
