
নগাঁও, ১৮ অক্টোবৰ (হি.স.): নগাঁও জিলাৰ চামগুৰিত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। চামগুৰিত কালি নিশা জব্দ কৰা হয় গৰু সহ বিলাসী বাহন এখন।
চামগুৰি আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চামগুৰিৰ বাজিয়াগাঁৱত অভিযান চলাই আটক কৰে এটা গৰু চুৰ। লগত ৩২ তা চোৰাং গৰু আৰু তিনিখন ব্যক্তিগত বাহন । আৰক্ষীৰ অভিযানত জব্দ কৰা হয় ৩২ টা কৈ চোৰাং গৰু। চামগুৰিৰ বাজীয়াগাঁৱৰ পৰা মেঘালয়লৈ নিয়াৰ জো যা চলাই থকাৰ সময়তে চামগুৰিৰ বাজীয়াগাঁৱৰ এটা ঘৰৰ পৰা জব্দ কৰে আৰক্ষীয়ে গৰু কেইটা । লগতে আটক কৰে গৰু চুৰৰ লগত জৰিত ৱাহিদুল ইছলাম নামৰ এজনক ।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
