গুৱাহাটী, ১১ নৱেম্বৰ(হি.স.)। ৰাজ্যৰ বিশিষ্ট অৰ্থনীতিবিদ তথা উদ্যোগপতি ড° অমল কুমাৰ বৰপূজাৰীৰ নতুন গ্ৰন্থ ‘আধুনিক অৰ্থশাস্ত্ৰ’ আজি উন্মোচন কৰা হয় ৷ এক আছুতীয়া পৰিৱেশত উন্মোচন কৰা হয় ড° বৰপূজাৰীৰ নতুন এই গ্ৰন্থখন ৷ উন্মোচন কৰে ৰাজ্যসভাৰ সাংসদ তথা এসময়ৰ জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, পবিত্ৰ মাৰ্ঘেৰিটা, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, পৰাগমণি আদিত্য আৰু প্ৰাণজিত শইকীয়াই ৷
বিশিষ্ট অৰ্থনীতিবিদ, উদ্যোগপতি ড° অমল কুমাৰ বৰপূজাৰীৰ নতুন গ্ৰন্থ ‘আধুনিক অৰ্থশাস্ত্ৰ’ আজি উন্মোচন কৰা হয়। উন্মোচন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ দ্বয় অজিত কুমাৰ ভূঞা, পৱিত্ৰ মাৰ্ঘেৰিটাৰ সহ ৰাজ্যৰ তিনি জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ, পৰাগমণি আদিত্য আৰু প্ৰাণজিত শইকীয়া৷
হিন্দুস্থান সমাচাৰ /ৰমেন/মনোজ
