
নগাঁও, ১৩ জানুৱাৰী (হি.স.): নগাঁও জিলাৰ ৰূপহীহাটৰ শিঙিমাৰীত শুকুৰবাৰে সন্ধিয়া ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় চাৰিজনকৈ লোক।
প্ৰাপ্ত তথ্য়মতে, অচিনাক্ত তীব্ৰবেগী টাটা মোবাইল গাড়ীয়ে খুন্দিয়াই পলায়ন কৰে ঘটনাস্থলীৰ পৰা।দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ এএছ ২৩ বি ৯০৯৭ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত আহত হোৱা চাৰিজনকৈ লোকক স্থানীয় ৰাইজে শিঙিমাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱায়।ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
