চিৰাং, ১৪ নৱেম্বৰ (হি.স.)। বিজনী ইউপিপিএলৰ জিলা কাৰ্য্যালয়ত কালি সন্ধিয়া ইউপিপিএল দলৰ কৰ্মীসভা।বিজনী জিলা কাৰ্য্যালয়ত ইউপিপিএল দলৰ কৰ্মীসভাত উপস্থিত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো। ২০২৬ৰ নিৰ্বাচনক লৈ সাজু সকলো ৰাজনৈতিক দল। সমান্তৰাল কৈ ইউপিপিএল দলে হেৰুৱা শক্তি পুনৰুদ্ধাৰ কৰিবলৈ বিজনী জিলা ইউপিপিএলৰ কাৰ্য্যালয়ত দলীয় কাৰ্য্যকৰ্তা সকলক লৈ দলৰ কৰ্মীসভা অনুষ্ঠিত হয়।কৰ্মী সভাত উপস্থিত থাকি প্ৰমোদ বড়োই সংবাদ মাধ্যমৰ পৰা বিৰত থাকে।আজিৰ এই ইউপিপিএল দলৰ কৰ্মী সভাত উপস্থিত থাকে ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো, দলৰ সাধাৰণ সম্পাদক মাধৱ চেত্ৰী, বিটিআৰৰ বন বিভাগৰ প্ৰাক্তন ইএম ৰঞ্জিত বসুমতাৰী, সাংসদ জয়ন্ত বসুমতাৰী,১৮নং মানস ছেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী, বিজনী জিলা সভাপতি ফণিন বড়ো সহ ইউপিপিএল দলৰ কৰ্মী সকল উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
