ধুবুৰী, ৩১ ডিছেম্বৰ (হি স)। ধুবুৰী জিলাৰ বিলাসীপাৰা আৰক্ষীয়ে চোৰাং গো- সৰবৰাহকাৰী বিৰুদ্ধে যোৱানিশা অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে খেদি খেদি জব্দ কৰে এখন গৰু ভৰ্তি বলেৰো বাহন। বিলাসীপাৰা পৰা চাপৰ অভিমুখে আহি আছিল গৰু ভৰ্তি বলেৰো বাহনখন।
তীব্ৰ বেগি বাহনখন বিলাসীপাৰা আৰক্ষীয়ে খেদি খেদি চাপৰৰ পাৰ্শৰ্ৱতী শান্তিনগৰ গাঁৱৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় গৰু ভৰ্তি বাহনখন। চোৰাং গো- সৰবৰাহকাৰীয়ে আৰক্ষীৰ পৰা হাত সাৰিবলৈ তীব্ৰ গতিত বিলাসীপাৰাৰ পৰা চাপৰৰ পাৰ্শৰ্ৱতী শান্তিনগৰ গাঁৱৰ ভিতৰত সোমাই দিয়ে। ইফালে গাঁৱৰ ভিতৰত পথ নথকাত গাঁৱৰ এঘৰত খুন্দিয়াই পলায়ন কৰে চালক সহ চোৰাং গো-সৰবৰাহকাৰীয়ে। বাহনখনৰ খুন্দাত ঘৰখনৰ কিছু পৰিমাণে ক্ষতি হয়। অৱশেষত চাপৰ আৰক্ষীৰ সহোযোগত বিলাসীপাৰা আৰক্ষীয়ে ৬টাকৈ চোৰাং গৰু সহ জব্দ কৰে এএছ ১৭ বি ৫৬৫৪ নম্বৰৰ বলেৰো বাহনখন। ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
উল্লেখযোগ্য যে বিলাসীপাৰা মহকুমাত দীৰ্ঘদিন ধৰি চোৰাং গো-সৰবৰাহকাৰীয়ে চলাই আছে গৰুৰ চিণ্ডিকেট। স্থানীয় ৰাইজৰ সন্দেহ চোৰাংকৈ বাংলাদেশ লৈ সৰবৰাহ হয় ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
