ধুবুৰী, ৩১ ডিছেম্বৰ (হি স)। ধুবুৰী জিলাৰ গোলোকগঞ্জৰ ৰতিয়াদহত বৃহৎ পৰিমানৰ ফেঞ্চিডাইল জব্দ কৰা হৈছে। এই সন্দৰ্ভত আটক কৰা হৈছে সহিদুল ইছলাম নামৰ এটা সৰবৰাহকাৰীক। গোলকগঞ্জৰ ৰতিয়াদাহ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা আৰক্ষী বেৰিকেটত গোলকগঞ্জ আৰক্ষীৰ নিয়মীয়া তালাচীত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ফেন্সিডাইল খিনি । এখন নম্বৰ প্লেট বিহীন বলেৰঅ পিকআপ ভেনৰ পৰা জব্দ কৰা হয় ফেঞ্চিডাইলৰ ৬০০ টা বটল । চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমূখে গৈ আছিল পিক আপ ভান খন ।
আজি ৰাতিপুৱা চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা গৌৰীপুৰ অভিমুখে গৈ থকা নম্বৰ প্লেট বিহীন বলেৰঅ পিকআপ ভেনক ৰখাবলৈ নিৰ্দেশ দিয়ে গোলকগঞ্জৰ ৰতিয়াদহৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেৰিকেটত কৰ্তব্যৰত আৰক্ষীয়ে । পিছে ভান খন ৰখাই দুজন ব্যক্তি দৌৰি পলায়ন কৰে । অৱশ্যে আৰক্ষীয়ে খেদি গৈ এজন সৰবৰাহকাৰীক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত গাড়ীখনৰ ছিটৰ তলৰ পৰা ৬০০ বটল অবৈধ ফেন্সিডাইল জব্দ কৰে। আটকাধীন সৰবৰাহকাৰী জনৰ নাম সহিদুল ইছলাম, ঘৰ মানকাচৰৰ যোৰডাংগা দ্বিতীয় খণ্ডত। সৰবৰাহকাৰীটোৱে জনোৱা মতে ফেন্সিডাইলখিনি গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ জনৈক শাকিল নামৰ লোকজনলৈ অনা হৈছিল ।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/মনোজ
