শিৱসাগৰ, ফেব্ৰুৱাৰী : আগন্তক শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজা আৰু মেলা সন্দৰ্ভত দ’ল উন্নয়ন পৰিষদৰ সম্পাদকে আজি সংবাদমেল সম্বোধন কৰে। ৪ মাৰ্চৰ পৰা ৯ মাৰ্চ পৰ্য্যন্ত শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল প্ৰাঙ্গণত শ্ৰী শ্ৰী শিৱৰাত্ৰি আৰু মেলা আয়োজনৰ প্ৰস্ততি।
বিভিন্ন পক্ষৰ অভিযোগ তথা ব্যৱসায়ী সকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মেলাৰ দোকানৰ নিৰিখ পৰিৱৰ্তন কৰি নতুন নিৰিখ ধাৰ্য্য কৰে দ’ল উন্নয়ন পৰিষদে। মেলাৰ শুভ উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহন কৰিব। বিগত দিন কেইটাত ভাঁওনা আৰু বিভিন্ন আধ্যাত্মিক অনুষ্ঠান পৰিবেশন কৰিব বিভিন্ন শিল্পীয়ে। সামৰনি সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষন হব হৰ হৰ শম্ভূ খ্যাত অভিলাষা পাণ্ডেৰ ভক্তিমূলক গীতৰ শৰাই।
