
নগাঁও, ০৪ আগষ্ট (হি.স.)। নগাঁৱত শোকাৱহ ঘটনা। চাপানালৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ মৃত্যু নগাঁৱৰ এগৰাকী কলেজীয়া ছাত্ৰৰ। মৃত ছাত্ৰজন নগাঁও চহৰৰ মাৰোৱাৰীপট্টিৰ সনয়ম জৈন(২১) বুলি চিনাক্ত কৰা হয়। আজি পুৱা চাপানলাস্থিত হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ নিখোজ হৈছিল যুৱকজন।
৪ বন্ধুৰ সৈতে একেলগে জলপ্ৰপাতত গা ধুবলৈ গৈছিল সনয়ম জৈন। পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীলৈ এছডিআৰএফৰ দল উপস্থিত হৈ যুৱকজনৰ সন্ধানত নামি পৰা অৱশেষত মৃত অৱস্থাত উদ্ধাৰ ছাত্ৰজন। নগাঁৱৰ ব্যৱসায়ী স্বৰ্গীয় সুদৰ্শন জৈনৰ পুত্ৰ আছিল সনয়ম জৈন। এই সমগ্ৰ ঘটনাই অঞ্চলজুৰি পেলায় শোকৰ ছাঁ।
হিন্দুস্থান সমাচাৰ / Narayan Kar
