মিয়ামি, ০৪ আগষ্ট (হি.স.)। ইণ্টাৰ মিয়ামিৰ অধিনায়ক তথা আৰ্জেণ্টিনাৰ ফুটবল কিংবদন্তি লিয়নেল মেছিয়ে সোঁ ভৰিৰ পেশীত আঘাত পাইছে, যাৰ বাবে তেওঁ অনিৰ্দিষ্টকাললৈ খেলপথাৰৰ বাহিৰত থাকিব।
মেজৰ লীগ ছকাৰ (এম এল এছ) ক্লাব ইণ্টাৰ মিয়ামীয়ে এক বিবৃতিত জনাইছে যে শনিবাৰে লীগ কাপৰ খেলখনত নেকাক্সা (মেক্সিকো)ৰ বিৰুদ্ধে পেনাল্টি শ্বুটআউটৰ পূৰ্বে ৩৮ বছৰীয়া মেছিয়ে এই আঘাতৰ সন্মুখীন হৈছিল। খেলখনৰ আৰম্ভণিতে ১১ মিনিটত খেলপথাৰৰ পৰা ওলাই আহিছিল যদিও নিজৰ ভৰিৰে লকাৰ ৰুমলৈ খোজ কাঢ়ি গৈছিল।
বিবৃতিটোত কোৱা হৈছে যে, মেছিৰ পেশীৰ সমস্যাৰ গুৰুত্ব জানিবলৈ চিকিৎসা পৰীক্ষা কৰা হৈছিল। প্ৰতিবেদনত সোঁ উৰুত সামান্য আঘাত পোৱা বুলি নিশ্চিত কৰা হৈছে। তেওঁৰ উভতি অহাৰ সময় তেওঁৰ চিকিৎসা আৰু আৰোগ্যৰ ওপৰত নিৰ্ভৰ কৰিব।
অৰ্থাৎ এই মুহূৰ্তত মেছিৰ খেলপথাৰলৈ ঘূৰি অহাৰ কোনো নিৰ্দিষ্ট সময় নাই। এই এম এল এছ ছিজনত ১৮খন মেচত ১৮টা গ’ল আৰু ৯টা এছিষ্ট কৰা মেছিয়ে লীগৰ যৌথ শীৰ্ষ স্ক’ৰাৰ। মেচখনৰ শেষ মুহূৰ্তত গ’ল দি মেচখন পেনাল্টি শ্বুটআউটলৈ লৈ যোৱা জৰ্ডি আলবাই কয় যে মেছিৰ আঘাতপ্ৰাপ্ত হৈ ওলাই যোৱাটো দলটোৰ বাবে এক ডাঙৰ আঘাত।গোটেই দলটো অতি দুখী।
এই ছিজনত ২২খন খেলৰ ভিতৰত ১২খনত জয়লাভ কৰি ইষ্টাৰ্ণ কনফাৰেন্সৰ ৪২ পইণ্টেৰে পঞ্চম স্থানত আছে ইণ্টাৰ মিয়ামি। ফিলাডেলফিয়াৰ পৰা ৮ পইণ্ট পিছ পৰি থকা দলটোৱে যদিও ৩খন মেচ অতিৰিক্ত।
যদিহে মেছি দীৰ্ঘদিন ধৰি খেলপথাৰৰ পৰা আঁতৰি থাকে তেন্তে ২০২৫ চনৰ লীগ কাপত ইণ্টাৰ মিয়ামিৰ বাবে ই এক ডাঙৰ ক্ষতি হ’ব পাৰে, বিশেষকৈ ২০২৩ চনত তেওঁৰ আগমনৰ কিছু সময়ৰ পিছতে দলটোৱে খিতাপ দখল কৰাৰ সময়ত।
বুধবাৰে ইউনাম পুমাছৰ বিৰুদ্ধে ইণ্টাৰ মিয়ামিৰ পৰৱৰ্তী মেচ অনুষ্ঠিত হ’ব। দলটোৱে এই পৰ্যন্ত পাঁচ পইণ্ট সংগ্ৰহ কৰি নকআউট পৰ্যায়ত প্ৰৱেশ কৰিবলৈ শক্তিশালী স্থান দখল কৰিছে আৰু এই জয়ে পোনে পোনে কোৱাৰ্টাৰ ফাইনেললৈ লৈ যাব পাৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
