লক্ষ্ণৌ, ০৪ আগষ্ট (হি.স.)। বহুজন সমাজ পাৰ্টিৰ ৰাষ্ট্ৰীয় সভানেত্ৰী মায়াৱতীয়ে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।
সোমবাৰে বিএছপিৰ মুৰব্বী মায়াৱতীয়ে ইনষ্টাগ্ৰামত পোষ্ট কৰি লিখিছে যে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰতিষ্ঠাপক তথা জনজাতীয় সমাজৰ সুপৰিচিত প্ৰবীণ নেতা শিবু ছোৰেনৰ আজি মৃত্যুৰ খবৰটো অতি দুখজনক। তেখেতৰ পুত্ৰ তথা বৰ্তমানৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন আৰু তেখেতৰ পৰিয়ালৰ লগতে তেখেতৰ সকলো সমৰ্থক আৰু অনুগামীৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিছো। প্ৰকৃতিয়ে তেওঁলোকক এই দুখ সহ্য কৰিবলৈ সকলো শক্তি দিয়ক।
উল্লেখযোগ্য যে সোমবাৰে পুৱা দিল্লীৰ ছাৰ গংগাৰাম হাস্পতালত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনৰ মৃত্যু হয়। তেওঁৰ বয়স আছিল ৮১ বছৰ। শিবু ছোৰেন বৃক্ক সম্পৰ্কীয় ৰোগৰ বাবে যোৱা এমাহ ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। পিতৃৰ মৃত্যুৰ তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে হেমন্ত ছোৰেনে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
