-সমন্বয় শোভাযাত্রাত অসম সাহিত্য সভাৰ সভাপতিৰ লগত সহযাত্রী হ’ব ১৪টা জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকল
শোণিতপুৰ, ২৬ নৱেম্বৰ (হি.স.)। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কার্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱ অহা ২ আৰু ৩ ডিচেম্বৰ তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত অনুষ্ঠিত হ’ব। যোৰহাট জিলা পুথিভঁৰাল তথা মুক্তিযোদ্ধা শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী প্রেক্ষাগৃহৰ প্ৰাংগণত অনুষ্ঠিত হ’ব লগা এই মহোৎসৱত বিভিন্ন কাৰ্যক্ৰম আয়োজন কৰা হৈছে।
এক সংবাদ বিজ্ঞপ্তিত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জানিবলৈ দিয়া মতে চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ শতবর্ষ মহোৎসৱৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ পত্ৰিকাৰ শতবর্ষ মহোৎসৱো আয়োজন কৰা হৈছে। এই উপলক্ষে ৩ ডিচেম্বৰৰ পুৱা ১০ বজাত ‘অসম সাহিত্য সভাৰ পত্ৰিকাৰ : এশ বছৰ’ শীর্ষক এখন আলোচনা সত্ৰ সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী পৌৰোহিত্যত অনুষ্ঠিত হ’ব। মৰাণ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অনিল শইকীয়াই উদ্বোধন কৰিব লগা এই আলোচনা সত্রত আলোচক অতিথি হিচাপে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° পল্লবী ডেকা বুজৰবৰুৱা, ছিপাঝাৰ মহাবিদ্যালয়ৰ অৱৰপ্ৰাপ্ত উপাধ্যক্ষ ড° ৰাম চন্দ্ৰ ডেকা আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° জ্যোতিষ্মান দাস উপস্থিত থাকিব।
ইফালে শতবর্ষ মহোৎসৱৰ লগত সংগতি ৰাখি ২ ডিচেম্বৰৰ পুৱা ১০ বজাত আয়োজন কৰা সমন্বয় শোভাযাত্রাত অসম সাহিত্য সভাৰ সভাপতিৰ লগত সহযাত্রী হ’ব জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিসকল ক্রমে- বড়ো থুনলাই আফাদৰ (বড়ো সাহিত্য সভা) সভাপতি ড° সুৰথ নাৰ্জাৰী, দেউৰী চ্চুচ্চেবা চ্চেংচ্চাৰ (দেউৰী সাহিত্য সভা) সভাপতি ড° ষড়ানন দেউৰী, মিচিং আগম কীবাঙৰ (মিচিং সাহিত্য সভা) সভাপতি হৰিনাৰায়ণ পেণ্ড, কাৰবি লামমেত আমেইৰ (কাৰবি সাহিত্য সভা) সভাপতি কামসিং হান্সে, নেপালী সাহিত্য সভা, অসমৰ সভাপতি ড° চিন্তামণি শৰ্মা, তিৱা মাথানলাই তখ্ৰাৰ (তিৱা সাহিত্য সভা) সভাপতি হৰসিং খলাৰ, ডিমাচা সাহিত্য সভাৰ সভাপতি ৰমেশ থাওছেন, শৰণীয়া কছাৰী সাহিত্য সভা, অসমৰ সভাপতি সোণবৰ বৰুৱা, সোণোৱাল কছাৰী সাহিত্য সভা, অসমৰ সভাপতি মোহন সোণোৱাল, নিখিল বিষ্ণুপ্রিয়া মণিপুৰী সাহিত্য পৰিষদ, অসমৰ সভাপতি দিলস লক্ষীন্দ্র সিং, বাংলা সাহিত্য সভা, অসমৰ সভাপতি খগেন দাস, অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী, মটক সাহিত্য সভা, অসমৰ সভাপতি তৰুণ কুমাৰ গগৈ আৰু মৰাণ সাহিত্য সভা, অসমৰ সভাপতি ৰবীন মৰাণ।
Reply
Forward
Add reaction
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ
