

–আজি চতুৰ্থ লানি প্ৰশিক্ষণ সমাপ্ত হ’ল ৫৫৮ গৰাকী এক্সাটাৰনেল ইভালুৱেটৰৰ
–জিলা আয়ুক্তকে ধৰি সকলো প্ৰশাসনিক বিষয়া জড়িত হ’ব এক্সাটাৰনেল ইভালুৱেটৰ হিচাপে
–শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ প্ৰস্ততি সম্পূৰ্ণ
শোণিতপুৰ, ০৩ জানুৱাৰী :(হি.স.) । ৰাজ্যখনৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত শোণিতপুৰ জিলাৰ ১১০৫ খন বিদ্যালয়ৰ ১ লাখ ৩১ হেজাৰ ২ শ ৭ গৰাকী শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হ’ব। জিলাখনৰ এই গুণোৎসৱৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে জিলা শিক্ষা বিভাগৰ জৰিয়তে ব্যাপক ততপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ এই গুণোৎসৱ অহা ৯ জানুৱাৰীত চেল্ফ ইভালুৱেশ্যনৰে আৰম্ভ হোৱাৰ পিছত ১০ আৰু ১১ জানুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব। ইয়াৰ বাবে শোণিতপুৰ জিলা শিক্ষা বিভাগে আজি তেজপুৰৰ দৰংমহাবিদ্যালয়ত এক্সাটাৰনেল ইভালুৱেটৰৰ অন্তিম পৰ্যায়ৰ প্ৰশিক্ষণ সমাপ্ত কৰে যদিও অহা ৫ জানুৱাৰীত জিলা আয়ুক্তকে ধৰি জিলাখনৰ সকলো প্ৰশাসনিক বিষয়াক লৈ অন্তিমটো প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰিব বুলি আজি জিলা নডেল বিষয়া ৰমেন মেধি আৰু মনোজ গোহাঁইয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে জিলাখনৰ এই গুণোৎসৱৰ বাবে ডায়েটৰ দুগৰাকী শিক্ষক, শিক্ষক শিকন মহাবিদ্যালয়ৰ দুগৰাকী, মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকসহ সৰ্বমুঠ ৯ গৰাকীকৈ মাষ্টাৰ্ছ ট্ৰেইনাৰে কেবাটাও পৰ্যায়ত এক্সাটাৰনেল ইভালুৱেটৰ আৰু নডেল শিক্ষক সকলক ইতিমধ্যে প্ৰশিক্ষণ প্ৰদান কৰি পৰীক্ষা পৰিচালনাৰ বাবে সাজু কৰি তুলিছে। জিলাখনত দুদিনীয়া এই গুণোৎসৱ পৰিচালনা কৰিবৰ বাবে শিক্ষা বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত তথা সমগ্ৰ শিক্ষাৰ শোণিতপুৰ জিলাৰ সমন্বয়ক কবিতা কাকতি কোঁৱৰৰ নেতৃত্বত দুগৰাকী নডেল বিষয়া ক্ৰমে ৰমেন মেধি আৰু মনোজ গোহাঁইৰ লগতে শিক্ষা বিভাগৰ ১২০ গৰাকী লায়চন বিষয়াৰ উপৰি ৫৫৮ গৰাকী এক্সাটাৰনেল ইভালুৱেটৰ সম্প্ৰতি নিযুক্ত হৈ তৎপৰতা আৰম্ভ কৰিছে। এই ৫৫৮ গৰাকী এক্সাটাৰনেল ইভালুৱেটৰৰ ভিতৰত ওদালগুৰি জিলাৰ ১০০ গৰাকী, নগাওঁ জিলাৰ ১০০ গৰাকীৰ বিপৰীতে বাকী সকল কলেজ শিক্ষক আৰু জিলাখনৰ চৰকাৰী বিষয়াক নিয়োগ কৰি ইতিমধ্যে চাৰিটা পৰ্যায়ত প্ৰশিক্ষণ সমাপ্ত কৰি তুলিছে।
ইতিমধ্যে জিলাখনৰ এই গুণোৎসৱ অতি নিয়াৰিকৈ যাতে সম্পন্ন হয় তাৰ বাবে জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই নিজেই বহুকেইটা প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকি ইয়াৰ বাবে জড়িত বিষয়া – কৰ্মচাৰী সকলক নিষ্ঠাৰে জড়িত হ’বলৈ আহ্বান জনাইছে। আনহাতে ইয়াৰ সমান্তৰালকৈ জিলাখনৰ বিদ্যালয় সমূহেও এই গুণোৎসৱত অৱতীৰ্ণ হৈ সুন্দৰ ফল লাভৰ আশাৰে শিক্ষাৰ্থী সকলক সকলো বিষয়তে পাৰদৰ্শী কৰি তুলিবলৈ নিজা নিজা তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে পূৰ্বৰ দৰে এইবাৰো নিজ বিদ্যালয়ৰ শিক্ষক সকলে আন বিদ্যালয়ত কৰ্তব্য সম্পাদন কৰিব লাগিব যদিও কৰ্তব্যত নিয়োজিত হ’লেও মূল পৰীক্ষাৰ দিনটোত অকল প্ৰধান বা অধ্যক্ষ সকল, সহকাৰী প্ৰধান আৰু নডেল শিক্ষক গৰাকীৰ বাহিৰে আন কোনো শিক্ষক সেই নিৰ্দিষ্ট দিনটোত নিজৰ বিদ্যালয়ত উপস্থিতি থাকিব নোৱাৰিব।
হিন্দুস্থান সমাচাৰ/সমীৰ/মনোজ
