
–উদুলী মুদুলী শ্ৰীমন্ত শঙ্কৰদেৱ সমন্বয় ক্ষেত্ৰ
–অধিৱেশন উপলক্ষে প্ৰকাশ পাবলগীয়া মুখপত্ৰৰ বাবে ফটো তোলা পৰ্বত অংশগ্ৰহণ ভবেশ কলিতাৰ
কামৰূপ, ২৪ জানুৱাৰী (হি.স.): জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত তথা মহাপুৰুষীয়া সংস্কৃতিৰ বাহক তথা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশনখন অহা ২০২৪বর্ষৰ ফেব্ৰুৱাৰী মাহৰ ৯, ১০ আৰু ১১ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙিয়াৰ মৰাণজানাৰ ভয়ৰা হাতীখলা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব। শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখনি সৰ্বতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰঙিয়া মহকুমা প্ৰশাসনৰ লগতে সমূহ দল সংগঠন ৰাইজ মিলি অধিবেশনখনি সফল কৰিবলৈ তৎপৰ হৈ পৰা দেখা গৈছে।
ইতিমধ্যে প্ৰকাস পাবলগীয়া মুখপাত্ৰ খন ফটো উঠা পৰ্ব অনুস্থিত হৈ যায় । মুল সমিতি, আদৰণি সমিতিৰ উপৰিও বিভিন্ন উপসমিতি সমুহৰ ফটো উথা পৰ্ব অনুস্থিত হয় । অনুস্থানত বিভিন্ন বাপ বান্ধবৰ লগতে উপষ্ঠিত থাকে আদৰণি সমিতিৰ কাৰ্যকাৰী সভাপতি তথা ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতা । বৃহৎ আকাৰৰ ৰান্ধনী ঘৰ, অতিথিশালা, মঞ্চ নিৰ্মাণ ইত্যাদিৰ বাবে বিভিন্ন জিলা তথা শাখা সমিতিৰ সদস্য আৰু দল সংগঠনৰ কাৰ্য্যকৰ্তা সকলে আহি শ্ৰমদান কৰিছে।বিশেষ ভাৱে নিকটৱৰ্তী কেবাটাও মছজিদ কমিটিয়েও অধিবেশন সফল কৰি তুলিবলৈ শ্ৰমদানৰ লগতে বাহ খেৰ খৰি ইত্যাদি যোগান ধৰি সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে । পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকা, আদৰণী সমিতিৰ সভাপতি ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই আগন্তুক শ্ৰীমন্ত শংকৰদেৱ সঙ্ঘৰ ৯৩ সংখ্যক ৰঙিয়া অধিৱেশনখন সফল কৰি তোলাত ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহায়- সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰে উদযাপন সমিতিয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ/মনোজ
