গোৱালপাৰা, ০১ জানুৱাৰী(হি.স.)। নৱবৰ্ষৰ প্ৰথম দিনটোতেই গোৱালপাৰা জিলাৰ দুধনৈত সংঘটিত হোৱা দুটা পৃথক পথ দুৰ্ঘটনাত দুগৰাকীকৈ ব্যক্তিৰ মৃত্যু হয় ৷ ইয়াৰে প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত লেলা কদমতলাৰ ১৭নং ৰাষ্ট্ৰীয় পথৰ ওপৰত ৷
প্ৰাপ্ত তথ্য়মতে, পুৱতি নিশা গোৱালপাৰা বাউচিয়া পাৰাৰ আনোৱাৰ আলী (৫৫) নামৰ এগৰাকী ব্যক্তিয়ে খোজকাঢ়ি গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলত ব্যক্তি গৰাকী থিতাতে নিহত হয় ৷ আনহাতে দ্বিতীয়টো ঘটনা সংঘটিত হয় পুৱতি নিশা দুধনৈ নদীৰ দলঙৰ সমীপত ৷ নিশাৰ ভাগত দুধনৈ শান্তিপুৰৰ বিনোদ ছেত্ৰীয়ে (৩৩) বাইক চলাই গৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায় ৷ পিচত স্থানীয় লোক তথা আৰক্ষীয়ে ঘটনা সম্পৰ্কত জানিব পাৰি দুধনৈ চিকিৎসালয়লৈ লৈ আহে যদিও চিকিৎসকে বিনোদ ছেত্ৰীক মৃত বুলি ঘোষণা কৰে ৷
নৱবৰ্ষৰ প্ৰথম দিনটোতেই দুটাকৈ পথ দুৰ্ঘটনাত দুগৰাকীকৈ লোকে মৃত্যুবৰণ বৰণ কৰাত দুধনৈত শোকৰ ছাঁ পৰে৷ আনহাতে ৰংজুলিত সংঘটিত এক পৃথক পথ দুৰ্ঘটনাত এজন যুৱকৰ মৃত্যু হয় ৷বছৰৰ প্ৰথমটো দিনতে দুধনৈ আৰু ৰংজুলিত তিনিজন লোকে অঁকাল মৃত্যুক আকোঁৱালি লয়।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
