উজনি অসমৰ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত চাৰিলেনযুক্ত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ আসোঁৱাহপূৰ্ণ নির্মাণকাৰ্য আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অদূৰদৰ্শীতাৰ বাবেই বাৰিষাৰ প্ৰথম জাক বৰষুণতে পথচাৰীয়ে যমৰ যন্ত্ৰণা ভুগিছে। এই পৰিস্থিতিৰ বাবে জনজীৱন স্তব্ধ হৈ পৰিছে আৰু বিপদসংকুলভাৱে পানীৰ মাজেৰে পাৰ হৈছে পথচাৰী।
BulletsIn
১. যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম অসম্পূৰ্ণ।
২. বুধবাৰে প্ৰথম বৰষুণতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাতীগড় অঞ্চল পানীৰ তলত থাকে।
৩. পথৰ পৰা পানী নিস্কাষণৰ সু-ব্যৱস্থা নথকাৰ বাবেই বৃহত্তৰ হাতীগড় অঞ্চলত পানী জমা হয়।
৪. এই পৰিস্থিতিৰ বাবে জনজীৱন স্তব্ধ হৈ পৰিছে।
৫. বিপদসংকুলভাৱে পানীৰ মাজেৰে পাৰ হৈছে পথচাৰী।
৬. কোনো বিভাগীয় বিষয়া বা কৰ্মচাৰী পৰিস্থিতি বুজ ল’বলৈ উপস্থিত নাই।
৭. স্থানীয় দল, সংগঠন, আৰু সমাজ সচেতক ব্যক্তিয়ে বহুবার এই সমস্যাসমূহ তদাৰকী সন্থা আৰু ঠিকাদাৰী প্ৰতিস্থানক জনাইছিল।
৮. ৰাইজৰ কথাত সহাৰা নিদিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে বুলি অভিযোগ উত্থাপন হৈছে।
৯. যোৰহাটৰ পৰা জাঁজী পৰ্যন্ত পথছোৱাত বহু স্থানত অসম্পূৰ্ণ ভাৱে কাম অব্যাহত আছে।
১০. যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল আৰু প্ৰতিটো মুহূৰ্ততে দুৰ্ঘটনাৰ শংকা বৃদ্ধি পাইছে।
