
কামৰূপ, ২৩ আগষ্ট (হি.স.): ৰঙিয়াৰ তুলসীবাৰীত যোৱাকালি শুকুৰবাৰে নিশা ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত হয় দুগৰাকী স্কুটি আৰোহী। তুলসীবাৰীৰ ভাৰত ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়াবহ পথ দুৰ্ঘটনা।
জানিব পৰামতে পথৰ দাঁতিত ৰখাই থোৱা দাম্পাৰত প্ৰচণ্ড খুন্দা মাৰে স্কুটি আৰোহীয়ে। তামোলপুৰ অভিমুখে গৈ থকা অৱস্থাত ৰৈ থকা দাম্পাৰত খুন্দা মাৰে স্কুটি খনে। ইতিমধ্যে দুৰ্ঘটনাত নিহত হোৱা এজন তুলসীবাৰীৰ জীৱন ঘোষ বুলি চিনাক্ত কৰা হৈছে। নিহত হোৱা আন এজনৰ পৰিচয় এতিয়াও লাভ কৰিবলৈ সক্ষম হোৱা নাই। দুৰ্ঘটনাত পতিত হোৱা স্কুটি খনৰ নম্বৰ এএছ ২৫ ৱাই ৫৫৫০ আছিল। আনফালে পশ্চিম বংগৰ পঞ্জীয়ন ভুক্ত ৰখাই থোৱা দাম্পাৰ খনৰ নম্বৰ ডব্লিউবি ৮৫ ১৭২২ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ যে এজনৰ মুখ মণ্ডল চিনাক্ত কৰিব পৰা নাই। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যাই বিৰাজ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
