
কাৰ্বি আংলং, ১২ ডিচেম্বৰ (হি.স.): বড়ো শান্তি চুক্তিৰ সকলোবোৰ দফা এশ শতাংশ সম্পূৰ্ণভাৱে ৰূপায়ন কৰা, কাৰ্বি আংলং আৰু ডিমাহাচাও জিলাত বসবাস কৰা বড়ো জনগোষ্ঠীৰ লোক সকলক পাহাৰীয়া জনজাতীৰ মৰ্যদা প্ৰদান কৰাৰ লগতে আন কেবাটাও গুৰুত্বপুৰ্ণ দাবীৰ সমৰ্থনত নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কালি সন্ধিয়া এক বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয় ।
লাংহিন নগৰত অৱস্থিত কাৰ্বি আংলং জিলা এবছুৰ কাৰ্যালয়ৰ পৰা লাংহিন নগৰৰ মাজ মজিয়াদী এক বিশাল জোঁৰ সমদল উলিয়ায় ।এবছু কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মৰ নেতৃত্বত লাংহিন নগৰৰ মাজেৰে উলিওৱা হয় উক্ত বিশাল জোঁৰ সমদল। কাৰ্বি আংলং জিলা বড়ো অগ্ৰণী সংগঠন সমূহৰ নেতৃবৃন্দৰ লগতে স্থানীয় বড়ো ৰাইজৰ সহযোগত এই জোঁৰ সমদল বাহিৰ কৰা হয় ।হাতে হাতে জোঁৰ শিখা লৈ অংশগ্ৰহণ কৰা এবছুৰ কৰ্মী সমৰ্থকে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহ মন্ত্ৰী অমিত চাহ হামাৰে মাংগে পুৰী কৰো, আমাৰ অধিকাৰ লাগিবই, ন-জাষ্টিচ ন-ৰেষ্ট, আমাৰ দাবী পূৰণ কৰক, এবছু জিন্দাবাদ আদি ধ্বনিৰে লাংহিন নগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
