হোজাই, ০৫ অক্টোবৰ (হি.স.): হোজাইত কংগ্ৰেছ দলৰ কৰ্মীসকল যোৱা কালি শনিবাৰে সন্ধিয়া মমশিখা সমদল বাহিৰ কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্তৰ দাবীত এই সমদল উলিয়ায় । মৰমৰ শিল্পীগৰাকীক ন্যায় প্ৰদানৰ আহ্বান জনায় কংগ্ৰেছ নেতৃত্বই । হোজাই আদৰ্শ বজাৰৰ ক্নক টাৱাৰ পৰা নেতাজী প্ৰতিমূৰ্তি লৈ কংগ্ৰেছ কৰ্মীয়ে উলিয়াই এই মমশিখা সমদল। এই সমদলত ৰূপহী হাত সমষ্টি বিধায়ক নুৰুল হুদাই অংশগ্ৰহণ কৰে ।
উল্লেখ্য় যে অভূতপূৰ্ব-অভাৱনীয় জনসমূদ্ৰৰ মাজত অসমী আইৰ বুকু শুদা কৰি অসম মাতৃৰ প্ৰিয়তম সন্তান জুবিন গাৰ্গে এই ধৰাৰ পৰা বিদায় লোৱাৰ এপষেক উকলিছে। অকালতে জীৱন বন্তি নিৰ্বাপিত হোৱা প্ৰাণৰ শিল্পী গৰাকীৰ শোকত ভাগি পৰা অসমবাসীয়ে ঘৰে ঘৰে, চুবুৰীয়ে চুবুৰীয়ে পাতিছে প্ৰিয় শিল্পীগৰাকীৰ স্মৃতিচাৰণ সভা। অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, শোক সমদল ইত্যাদি।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
