কামৰূপ, ০৯ নৱেম্বৰ(হি.স.)। পোহৰৰ উৎসৱ দীপাৱলী সমাগত। দীপাৱলী উপলক্ষে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ হাজোৰ কুমাৰ পাৰাৰ মৃৎ শিল্পীসকল ব্যস্ত হৈ পৰিছে মাটি চাকি নিৰ্মান কৰাত। হাজোৰ কুমাৰ পাৰাৰ মৃৎ শিল্পী সকলৰ অন্তহীন ব্যস্ততা।
পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে এটা পৰিয়ালে সাজু কৰিছে ৪০ হাজাৰ মাটিৰ চাকি৷ হাজোৰ কুমাৰ পাৰাত নিৰ্মান কৰা চাকি সমূহ অসমৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰে ৷ বিগত পঞ্চাশ বছৰে নিৰ্মাণ কৰি আহিছে মাটিৰ চাকি। মাটিৰ চাকি নিৰ্মাণ কৰি পৰিয়াল চলাইছে মৃৎ শিল্পী গৰাকীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/মনোজ
