নগাঁও, ১৬ ডিচেম্বৰ (হি.স.)। জুৰীয়াৰ শিঙিয়া পথাৰত চোৰৰ চাফাই অভিযান। দুই সেনা জোৱানৰ ঘৰত চুৰি কাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ কালি নিশা ঘৰৰ দৰজা ভাঙি চোৰে লুটি নিলে নগদ ধন সহ লক্ষাধিক টকাৰ অ-অলংকাৰ।
দুই সেনা জোৱান ইতিমধ্যে কৰ্মৰত ৰাজস্থান আৰু আন্দামান নিকোবৰ দ্বীপত। জুৰীয়াত কিছু দিন ধৰি চুৰৰ সন্ত্ৰাসত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ। ইতিমধ্যে জুৰীয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ /আলোক.
