
ধুবুৰী। ০২ জানুৱাৰী (হি.স.): সমগ্ৰ ৰাজ্য জুৰি আজিৰে পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ। ধুবুৰীত ধুবুৰী জিলা পৰিবহন বিভাগৰ পথ সুৰক্ষা সপ্তাহক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । পহিলা জানুৱাৰীৰ পৰা ৩১ জানুৱাৰী লৈ বিভাগটোৱে হাতত লৈছে বহু কাৰ্য্যসূচী। যোৱা কালি বৃহস্পতিবাৰে বিয়লি ধুবুৰীৰ বিঅ’চি কেকুৰি, ২ নং পলিচ পইণ্ট আৰু পাঁচ আলিত বিভাগটোৱে ব্যতিক্ৰমী প্ৰয়াস গ্ৰহণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য লৈ মটৰ চাইকেল আৰোহী আৰু গাড়ী চালক সকলক যানবাহন আইন সন্দৰ্ভত লিফ লেট বিতৰণ কৰে। লগতে যি সকলে পথত যানবাহন চলোৱাৰ ক্ষেত্ৰত নিয়ম নীতি মানি চলিছে, বা হেলমেট, গঢ়িত বেল্ট লগাই ড্ৰাইভিং কৰে তেওঁলোকক গোলাপ ফুলেৰে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে।
ইয়াৰ উপৰি এক মহীয়া এই দীঘলীয়া অনুষ্ঠানত কুইজ প্ৰতিযোগিতা, জিলাখনৰ বিভিন্ন স্থানত সজাগতা সভা, বাটৰ নাটৰ জৰিয়তে ৰাইজৰ মাজত যানবাহন আইন সন্দৰ্ভত সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস চলোৱা হ’ব বুলি জানিবলৈ দিয়ে ধুবুৰী জিলা পৰিবহন বিষয়া দিব্যজ্যোতি দাসে। উল্লেখ্য যে এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ পালনৰ ক্ষেত্ৰত জিলা পৰিবহন বিভাগৰ তৰফৰ পৰা সজাগতা সৃষ্টি কৰাৰ উপৰিও আইন ভংগ কৰা সকলোৰ বিৰূদ্ধে জৰিমনাও বিহা হ’ব বুলি জানিবলৈ দিয়ে জিলা পৰিবহন বিষয়া দিব্যজ্যোতি দাসে। এই সন্দৰ্ভত জিলা পৰিবহন বিভাগৰ দলে বিভিন্ন সময়ত জিলাখনত বিভিন্ন স্থানত অভিযান চলাব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
