শ্বিলং, ৩১ ডিছেম্বৰ (হি.স.)। মেঘালয়ৰ প্ৰৱজন বিৰোধী গোটসমূহে খাচী আৰু জয়ন্তীয়া পাহাৰ অঞ্চলত ৰে’লপথ প্ৰৱৰ্তনৰ পৰিকল্পনা পৰিত্যাগ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু ৰাজনৈতিক দলসমূহক আহ্বান জনাইছে। জয়ন্তীয়া স্বাধীনতা সংগ্ৰামী ‘উ কিয়াং নাংবাহ’ৰ ১৬১ সংখ্যক মৃত্যু বাৰ্ষিকীৰ দিনা শনিবাৰে এই দাবী পুনৰ দোহাৰে খিলঞ্জীয়া ছাত্ৰ গোটসমূহে।
তেওঁলোকে খিলঞ্জীয়া জনজাতীয় জনসংখ্যাক বাহিৰৰ লোকৰ আগমনৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ দৰে ফলপ্ৰসূ সুৰক্ষা ব্যৱস্থাৰ অভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্বিলঙত অনুষ্ঠিত এক অনুষ্ঠানত ভাষণ দি খাছি ছাত্ৰ সংঘ (কেএছইউ)ৰ মুৰব্বী লেম্বোকষ্টাৰৱেল মাৰংগাৰে কয় যে ৰাজ্যখনত প্ৰৱজন ৰোধৰ বাবে শক্তিশালী ব্যৱস্থাৰ অভাৱ, আৰু সেয়েহে, ৰে’লৱেৰ ধাৰণাটো বাদ দিয়া উচিত।
তেওঁ ৰে’লৱেৰ পোষকতা কৰা শাসকীয় দলৰ সদস্যসকলক সমালোচনা কৰি নিবনুৱা সমস্যা, ছাত্ৰৰ সমস্যা, স্বাস্থ্যসেৱা, উদ্যোগীকৰণ আদি বিষয়সমূহৰ সমাধানৰ বাবে চৰকাৰক আহ্বান জনায়।
তেওঁ লগতে কয় যে কাৰ্যকৰী প্ৰৱজন বিৰোধী ব্যৱস্থা ৰূপায়ণ নোহোৱালৈকে অঞ্চলটোত বলপূৰ্বক ৰে’লপথ প্ৰৱৰ্তনৰ বিৰুদ্ধে কে এছ ইউয়ে প্ৰতিবাদ অব্যাহত ৰাখিব। একেদৰে জোৱাইত অনুষ্ঠিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জয়ন্তীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ট্ৰেব’ৰ ছুচেনে একেই দাবী উত্থাপন কৰে।
হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ
