গুৱাহাটী, ০৬ ছেপ্টেম্বৰ (হি.স.)। ৰাজ্যত সক্ৰিয় হৈ আছে মানব সৰবৰাহকাৰীৰ দল।বহিঃৰাজ্যৰ পৰা আহি গুৱাহাটী মহানগৰীত বাহৰ পাতি চলাইছে ষড়যন্ত্ৰ। যুৱতীক প্ৰলোভিত কৰিবৰ বাবে পেলাইছে জাল।সৰ্থেবাৰীৰ নসত্ৰৰ পৰা এগৰাকী একৈশ বছৰীয়া যুৱতীক কৌশলেৰে অপহৰণ কৰি বহিঃৰাজ্যত বিক্ৰী কৰাৰ চলিছিল ষড়যন্ত্ৰ।
উত্থাপিত অভিযোগ মতে সৰ্থেবাৰীৰ নসত্ৰৰ বাসিন্দা এগৰাকী অৱসৰী সেনা জোৱানৰ একৈশ বছৰীয়া কন্যাক প্ৰথমতে ইনষ্টাগ্ৰামৰ জৰিয়তে চিনাকি হৈ মোবাইলত গেম খেলাৰ চলেৰে প্ৰায় পঞ্চাশ হাজাৰ টকা লুট কৰাৰ পিছত প্ৰেমৰ জাল পেলাই বহিঃৰাজ্যত ভাল চাকৰি দিছিল কেৰিয়াৰ বনাই দিয়াৰ প্ৰস্তাৱ দিয়ে।পিছলৈ বিয়াৰো প্ৰলোভন দি কিতাপ কিনিবলৈ নলবাৰীলৈ যোৱা সময়ত যুৱতী গৰাকীক নিচাযুক্ত দ্ৰব্য স্প্ৰে কৰি অপহৰণ কৰি গুৱাহাটীৰ হোটেলত দুদিন ধৰি আবদ্ধ কৰি ৰাখে।পৰিয়ালৰ তৎপৰতাত কালি আৰক্ষীয়ে মহানগৰীৰ কামাখ্যাগেটত থকা মা কামাখ্যা লজৰ পৰা অপহৰণকাৰী দুই যুৱক সহ ছোৱালীজনীক উদ্ধাৰ কৰে।কালি নিশাই দিল্লীলৈ যোৱাৰ প্ৰস্ততি চলা সময়তে আৰক্ষীৰ জালত পৰিল দুই মানব সৰবৰাহকাৰী।বৰ্তমান সৰ্থেবাৰী আৰক্ষী থানাৰ জিম্মাত আছে দুই অপহৰণকাৰী।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
