চিত্ৰদুৰ্গা, ০৬ ছেপ্টেম্বৰ (হি.স.)। কৰ্ণাটকৰ চিত্ৰদুৰ্গা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক কে চি বীৰেন্দ্ৰ ‘পাপ্প্পী’ক আন এক আঘাত দিলে প্ৰৱৰ্তন সঞ্চালকালয়ে। অনলাইন জুৱা আৰু অবৈধ ধন সৰবৰাহৰ অভিযোগৰ পৰিপ্ৰেক্ষিতত শনিবাৰে ইডিয়ে চিত্ৰদুৰ্গা চহৰৰ চাল্লাকেৰে চহৰত অৱস্থিত কেইবাটাও বেংকত অভিযান চলায়, য’ত বীৰেন্দ্ৰৰ একাউণ্ট আছে।
প্ৰৱৰ্তন সঞ্চালকালয়ৰ ১০ জনৰো অধিক বিষয়াই চাল্লাকেৰেত উপস্থিত হৈ বিধায়ক কে চি বীৰেন্দ্ৰ ‘পাপ্পী’ৰ বেংক একাউণ্টৰ তদন্ত চলাই আছে। মহানগৰীৰ কোটক মহিন্দ্ৰা, এক্সিছ, ফেডাৰেল আৰু কৰ্ণাটক বেংককে ধৰি বহু শাখাত তেওঁৰ একাউণ্টৰ তদন্ত চলি আছে। ইডিৰ বিষয়াসকলে বিধায়ক বীৰেন্দ্ৰৰ সৈতে জড়িত ১৭টা বেংক একাউণ্টৰ সৈতে জড়িত নথি-পত্ৰ সংগ্ৰহ কৰি আছে। চৰকাৰী সূত্ৰ অনুসৰি বিধায়কগৰাকীৰ বেংকৰ লকাৰতো তালাচী চলোৱা হৈছে।
দৰাচলতে বিগত ১৫ দিনত বিধায়ক বীৰেন্দ্ৰৰ ওপৰত ইডিৰ এয়া তৃতীয়টো অভিযান । ২২ আৰু ২৩ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ইডিয়ে বীৰেন্দ্ৰৰ বাসগৃহত অভিযান চলাইছিল। অভিযানৰ সময়ত মাজনিশালৈকে নথি-পত্ৰ পৰীক্ষা কৰি অবৈধ সা-সম্পত্তি আৰু কোটি কোটি টকাৰ নগদ ধন আৰু বিলাসী বাহন জব্দ কৰা হয়।
উল্লেখযোগ্য যে ছিকিমৰ পৰা প্ৰৱৰ্তন সঞ্চালকালয়ে বিধায়ক কে চি বীৰেন্দ্ৰ ‘পাপ্পী’ক গ্ৰেপ্তাৰ কৰিছে। ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত গ্ৰেপ্তাৰ কৰিছে তেওঁক। অবৈধ অনলাইন আৰু অফলাইন জুৱা গোচৰত এই গ্ৰেপ্তাৰ কৰা হৈছে। ইডিয়ে বীৰেন্দ্ৰ আৰু তেওঁৰ সহযোগীসকলৰ আত্মগোপন স্থানত অভিযান চলাই নগদ ১২ কোটি টকা, ৬ কোটি টকাৰ সোণৰ গহণা আৰু ১০ কেজি ৰূপ জব্দ কৰিছে।
ইয়াৰ উপৰিও ১৭টা বেংক একাউণ্ট আৰু ২টা বেংক লকাৰো ফ্ৰীজত ৰখা হয়। কে চি বীৰেন্দ্ৰৰ ভাতৃ কে চি নাগাৰাজ আৰু তেওঁৰ পুত্ৰ পৃথ্বী এন ৰাজৰ চৌহদৰ পৰাও কেইবাটাও সম্পত্তিৰ সৈতে জড়িত নথি-পত্ৰ জব্দ কৰা হয়। লগতে কেইবাটাও চৌহদৰ পৰা বহু আপত্তিজনক নথি জব্দ কৰা হয়। বীৰেন্দ্ৰৰ ওপৰত ‘কিং৫৬৭’ আৰু ‘ৰজা৫৬৭’ যেনেকুৱা অনলাইন জুৱাৰ খেল চলোৱাৰ অভিযোগ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
