বৰপেটা বৰপেটা লোকসভা সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী দিপ বায়ন হাজোত প্ৰবেশ কৰাৰ লগে-লগে হাজো ব্লক কংগ্ৰেছৰ কৰ্মী সকলে আদৰণি জনায় । চেচা মুখৰ পৰা ৰামদিয়ালৈ কৰ্মী সকলে আদৰি নিয়ে প্ৰাৰ্থী গৰাকীক ।
প্ৰাৰ্থী গৰাকীৰ প্ৰচণ্ড খং চিপিআইএম ৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ ওপৰত । কংগ্ৰেছ দলে সমৰ্থন নকৰিলে হয়তো বিধানসভা লৈ মনোৰঞ্জন তালুকদাৰ জয়ী হব নোৱাৰিলে হৈ । মনোৰঞ্জন ক সুবিধাবাদী বুলিও কলে দিপ বায়নে । ইপিনে ফণী ভূষন চৌধুৰীৰ বিৰুদ্ধে বিষ্ফোৰণ ঘটালে দিপ বায়নে । লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে-লগে এতিয়া ৰাজনৈতিক বতাহ বেচ গৰম হৈ পৰিছে ।
