ছিডনী, ০৬ জানুৱাৰী (হি.স.)। পাকিস্তানৰ অধিনায়ক শ্বান মাছুদে শনিবাৰে খেলৰ অন্তত বেটছমেন বাবৰ আজমৰ জাৰ্চি বিদায় উপহাৰ হিচাপে বিদায়ী অ’পেনাৰ ডেভিদ ৱাৰ্নাৰক প্ৰদান কৰে।
জাৰ্চিটোত পাকিস্তানৰ সকলো খেলুৱৈৰ স্বাক্ষৰ আছিল। মাছুদে মঞ্চত ৱাৰ্নাৰক আমন্ত্ৰণ কৰে আৰউ সমগ্ৰ পাকিস্তানী দলৰ স্বাক্ষৰিত জাৰ্চি উপহাৰ দিয়ে। পাকিস্তানৰ অধিনায়কগৰাকীয়ে ৱাৰ্নাৰক খেলখনত কৰা প্ৰচেষ্টাৰ বাবে অভিনন্দন জনাই ভৱিষ্যতে তেওঁক শুভকামনা জনায়।
শনিবাৰে ঘৰুৱা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰি অষ্ট্ৰেলিয়াৰ তাৰকা অ’পেনাৰ ৱাৰ্নাৰৰ বিখ্যাত টেষ্ট কেৰিয়াৰৰ অন্ত পৰে। তিনিখন মেচৰ শৃংখলাত অষ্ট্ৰেলিয়াই ৩-০ ব্যৱধানত জয়লাভ কৰে।
মেচৰ পিছত মাছুদে কয়, মই ডেভিদ ৱাৰ্নাৰক শলাগ ল’ব বিচাৰো আৰু কিছু উপহাৰ দিব বিচাৰো। আপোনাক বহুত বহুত ধন্যবাদ। আমি এটা দল হিচাপে সকলো খেলুৱৈৰ স্বাক্ষৰিত বাবৰ আজমৰ চাৰ্ট দিবলৈ মন্থস্থ কৰিলো।
টেষ্ট কেৰিয়াৰত মুঠ ১১২খন মেচ খেলিছে ৱাৰ্নাৰে, য’ত তেওঁ গড়ে ৪৪.৬০ ৰানৰে ৮,৭৮৬ ৰান সংগ্ৰহ কৰিছে, য’ত ২৬টা শতক আৰু ৩৭টা অৰ্ধশতক অন্তৰ্ভুক্ত আছে।
টেষ্টৰ উপৰিও ৱাৰ্নাৰে এদিনীয়া ক্ৰিকেটৰ পৰাও অৱসৰ লৈছে আৰু এতিয়া তেওঁ টি-২০ ক্ৰিকেটত গুৰুত্ব দিব।
হিন্দুস্থান সমাচাৰ / সুনীল/মনোজ
