ওদালগুৰি, ১৮ আগষ্ট (হি.স.): বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ দল সমূহৰ মাজত ব্যাপক তৎপৰতা অব্য়াহত আছে। পাৰিষদীয় সমষ্টি সমূহ নিৰ্বাচনত জয়ী হৈ নিজৰ অধীনলৈ আনিবলৈ ৰণ কৌশল তৈয়াৰ কৰিছে বিজেপি নেতৃবৃন্দই।
ওদালগুৰি জিলাৰ খালিংদুৱাৰ মণ্ডলৰ কাৰ্যালয়ত কালি বিয়লি খালিংদুৱাৰ সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ লোকে ইউপিপএল আৰু বিপিএফ দলৰ পৰা আঁতৰি আহি বিজেপি দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ, জিলা এছটি মৰ্চাৰ সাধাৰণ সম্পাদক অৰ্জুন দৈমাৰীৰ নেতৃত্বত প্ৰায় ১০০ ৰো অধিক লোকে বিজেপি দলত যোগদান কৰে।
যোগদান কাৰ্যসূচীত প্ৰচাৰ বিভাগৰ আহ্বায়ক ৰাহুল বড়োই আঁত ধৰা সভাখনত খালিংদুৱাৰ মণ্ডলৰ সভানেত্ৰী তথা বি-টি-আৰৰ মনোনীত পাৰিষদ অৰ্পনা মেধি, মণ্ডলৰ উপ-সভাপতি মহিৰাম কছাৰী, কৃষাণ মৰ্চাৰ সভাপতি পীতাম্বৰ ডেকা, যুৱ মৰ্চাৰ সভাপতি নিৰ্মল বড়ো, খালিংদুৱাৰ মণ্ডলৰ সাধাৰণ সম্পাদক অৰবিন্দ শৰ্মা আৰু ৰঞ্জিত বড়োৰ লগতে প্ৰতিটো বুথৰ দলীয় কৰ্মকৰ্তা উপস্থিতিত যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
