কামৰূপ, ১৮ আগষ্ট (হি.স.)। কামৰূপ জিলাৰ বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ খুন্দাত একেলগে ৩ গৰাকী মহিলা নিহত। নিহত মহিলা কেই গৰাকীক-উত্তৰা দাস (৫০),ৰুমী দাস (৩৫) আৰু কৰৱী মালী (৩৫) বুলি চিনাক্ত কৰা হৈছে। আটাই কেইগৰাকীৰ ঘৰ বকোৰ ২ নং ছাটাবাৰীত। প্ৰাতঃভ্ৰমণলৈ গৈ সংঘটিত হয় এই অঘটন।
বামুণীগাঁও ৰে’ল ষ্টেচনৰ এন এন ২৪০ গেটৰ সমীপত উক্ত অঘটনটো সংঘটিত হয়। একে সময়তে দুখন ৰে’লে অতিক্ৰম কৰিছিল দুৰ্ঘটনাস্থলী। গুৱাহাটী অভিমুখী ৰে’লখনে পিছ দিশৰ পৰা খুন্দা মাৰে তিনিও গৰাকী মহিলাক। নিমিষতে ছিন্ন-ভিন্ন হয় মহিলা তিনিওগৰাকীৰ শৰীৰ। বৰ্তমানলৈ উক্ত স্থানত ২০ গৰাকীকৈ পুৰুষ-মহিলাৰ ৰে’লৰ খুন্দাত মৃত্যু হৈছে। কামাখ্যা-যোগীঘোপা ৰে’লপথত এই অঘটন। ঘটনাস্থলীত উপস্থিত বকো আৰক্ষী।
উজনিমুৱা পুৰী এক্সপ্ৰেছ আৰু এনএমজি মালবাহী ৰে’লৰ ক্ৰ’ছিঙৰ সময়ত অঘটনটো সংঘটিত হই বুলি ৰেল আৰক্ষী সংবাদ মাধ্য়মক অবগত কৰিছে। পুৱা ৪:৪৫ বজাত অঘটনটো সংঘটিত হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
