গুৱাহাটী, ২৩ ডিছেম্বৰ (হি.স.)। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে। কৰ্মীসকলৰ সৈতে আলোচনা কৰি দলৰ বিভিন্ন সাংগঠনিক কাৰ্যকলাপৰ বুজ লয়। সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকাশ ভাৰত সংকল্প যাত্ৰাকে ধৰি বিভিন্ন কল্যাণমূলক পদক্ষেপ সফল ৰূপায়ণত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ কৰ্মীসকলক আহ্বান জনায়।
তেওঁ কয় যে বিৰোধী এতিয়া উত্তেজিত হৈ পৰিছে। বিৰোধিতা কেৱল সংবাদ মাধ্যমতহে দেখা যায়। বাস্তৱত কোনো বিৰোধিতা নাই।
সোণোৱালে কয় যে তৃণমূল পৰ্যায়ৰ মানুহে বিৰোধীক কেতিয়াও মানি নলয়। তেওঁ কয় যে ৰাম মন্দিৰ ভাৰতৰ আত্মসন্মান, প্ৰতিজন আত্মসন্মানী ভাৰতীয়ৰ বাবে ই এক গৌৰৱৰ সময়।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ/মনোজ
