যোধপুৰ, ২৩ ডিছেম্বৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে শনিবাৰে জয়ছলমেৰ ভ্ৰমণ কৰে । ইয়াত পোকৰণ ফিল্ড ফায়াৰিং ৰেঞ্জত সেনা জোৱানসকলৰ সৈতে মিলিত হোৱাৰ পিছত জয়ছালমেৰৰ পুনম সিং ষ্টেডিয়ামত উপস্থিত হৈ লাখপতি দিদী কাৰ্যসূচীত অংশ লয়। সহস্ৰাধিক স্বাৱলম্বী মহিলাক একেলগে দেখি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আনন্দিত হৈ পৰাৰ বিপৰীতে অনুষ্ঠানত উপস্থিত থকা মহিলাসকলৰ মুখতো আনন্দৰ সৃষ্টি হয়। এই সময়ত ৰাজ্যপাল কলৰাজ মিশ্ৰ, মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট আৰু কৃষি মন্ত্ৰী কৈলাশ চৌধুৰীও উপস্থিত থাকে।
জয়ছালমেৰত অনুষ্ঠিত ‘লাখপতি দিদী সন্মিলন’ত অংশগ্ৰহণ কৰাৰ সমান্তৰালকৈ ৰাষ্ট্ৰপতি মুৰ্মুৱে বেংকৰ পৰা ১০০ কোটি টকাৰ ঋণ, ৪০ কোটি টকাৰ জীৱিকা প্ৰসাৰৰ সাহায্য আৰু ৰাজস্থান মহিলা নিধি ঋণৰ ১০ কোটি টকাৰ চেক আত্ম- সহায় গোটসমূহক বিতৰণ কৰে। মহিলাসকলে স্থাপন কৰা ষ্টলসমূহৰ বিষয়েও তথ্য গ্ৰহণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।
লক্ষণীয় যে ৰাষ্ট্ৰপতি মুৰ্মু আজি এদিনীয়া ভ্ৰমণসূচীৰে জয়ছালমেৰত উপস্থিত হয়। ইয়াত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যপাল কলৰাজ মিশ্ৰ আৰু মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই তেওঁক আদৰণি জনায়। এই উপলক্ষে বিধায়ক প্ৰতাপ পুৰী আৰু ছোতু সিঙো উপস্থিত থাকে।
এদিনীয়া ভ্ৰমণৰ সময়ছোৱাত তেওঁ পোখৰাণ আৰ্মী ৰেঞ্জত অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সেনা জোৱান আৰু বিষয়াসকলৰ পৰা প্ৰতিক্ৰিয়া লোৱাৰ সমান্তৰালকৈ তেওঁ প্ৰতিটো পৰিস্থিতিত সীমান্ত সুৰক্ষাৰ বাবে সাজু সেনা জোৱানসকলৰ মনোবল বৃদ্ধি কৰে।
হিন্দুস্থান সমাচাৰ/সতীশ/মনোজ
