• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ
Regional

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

CliQ INDIA
Last updated: January 18, 2024 8:56 am
CliQ INDIA
Share
4 Min Read
SHARE

-কাৰ্বি যুৱ মহোৎসৱৰ বাবে ৰাজ্য চৰকাৰে প্ৰতি বছৰে ৩ কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা

-এই মহোৎসৱত সাংস্কৃতিক পৰিক্ৰমা বিভাগ সহ-আয়োজক হিচাপে থাকিব ঃ মুখ্যমন্ত্ৰী

-কাৰ্বি যুৱ মহোৎসৱৰ সন্মিলিত শক্তিয়ে জিলাখনৰ নতুন প্ৰজন্মক অধিক আগুৱাই নিয়াৰ বাবে প্ৰেৰণা যোগাব ঃ মুখ্যমন্ত্ৰী

কাৰ্বি আংলং, ১৭ জানুৱাৰী (হি.স.)। পৰম্পৰাগত লোকসংস্কৃতিৰ প্ৰকাশেৰে অসমৰ অন্যতম বৃহৎ সাংস্কৃতিক মহোৎসৱ হিচাপে পৰিগণিত হোৱা কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন অনুষ্ঠানত বুধবাৰে মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ডিফুৰ তৰালাংছত আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই মহোৎসৱৰ জনপ্ৰিয়তা অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ সৱলীকৰণৰ সম্ভাৱ্য শক্তি হিচাপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে যুৱপ্রজন্ম হৈছে সাংস্কৃতিক নৱজাগৰণৰ অগ্ৰদূত স্বৰূপ।

কাৰ্বি যুৱ মহোৎসৱ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি জনজাতীয় মহোৎসৱসমূহৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে যুৱ শক্তিক প্রাধান্যৰে ৫০ বছৰজোৰা পৰিক্ৰমাৰে মহোৎসৱটিয়ে কাৰ্বিসকলৰ অনন্য সংস্কৃতিক প্রতিনিধিত্ব কৰাৰ লগতে ইয়াৰ প্রচাৰ আৰু প্রসাৰত অৰিহণা যোগাই আহিছে। কাৰ্বি মহোৎসৱৰ সোণালী জয়ন্তী উদ্যাপন অনুষ্ঠানত কাৰ্বিসকলৰ চহকী আৰু বৰ্ণিল সংস্কৃতি প্ৰত্যক্ষ কৰিবলৈ পাই আনন্দিত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্রতিকূল বতৰৰ বাবে ৰাষ্ট্ৰপতি দ্রৌপদী মূৰ্মু কাৰ্বি যুৱ মহোৎসৱৰ অনুষ্ঠানত উপস্থিত হ’ব নোৱাৰিলে ৷ আগন্তুক বৰ্ষত ৰাষ্টপতিৰ উপস্থিতিত অধিক বৃহৎ পৰিসৰত এই উৎসৱ উদ্যাপন কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ মন্তব্য কৰে।

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে এতিয়াৰে পৰা প্রতি বছৰে ৩ কোটি টকাৰ আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগেও এই মহোৎসৱৰ সহ-আয়োজক হিচাপে থাকিব। তদুপৰি ৰাজ্য চৰকাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক জিলাখনৰ পৰ্যটন খণ্ডক বিকশাই তোলাৰ দিশতো সহায় কৰিব বুলিও তেওঁ কয়।

কাৰ্বি আংলং জিলাৰ প্রবাদ পুৰুষসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৭৪ চনত কাৰ্বি যুৱ মহোৎসৱৰ বিজয় যাত্ৰা আৰম্ভ হৈছিল আৰু আজি ৫০ বছৰে কাৰ্বি যুৱ মহোৎসৱে কাৰ্বি আংলং জিলাক ঐক্যবদ্ধ কৰাৰ লগতে আন জনগোষ্ঠীসমূহক মিলনৰ ছন্দেৰে একত্ৰিত কৰি ৰাখিছে। তেওঁ লগতে কয় যে কাৰ্বি সমাজে এখন ৰাজতান্ত্ৰিক সমাজক গণতান্ত্ৰিক ব্যৱস্থাৰ জৰিয়তে সঞ্জীৱিত কৰি ৰাখিছে, সেয়া এক প্ৰেৰণাৰ প্রতীক। কাৰ্বি সমাজৰ মাজত এক অদ্ভূত শক্তি আছে বুলি মন্তব্য কৰি তেওঁ কয় যে যি শক্তিয়ে কাৰ্বি সমাজক উজ্জীৱিত কৰি ৰাখিছে আৰু বিশ্ব দৰবাৰলৈ কাৰ্বি সমাজক আগুৱাই লৈ গৈছে। কাৰ্বি যুৱ মহোৎসৱৰ এই সন্মিলিত শক্তিয়ে কাৰ্বি আংলঙৰ নতুন প্রজন্মক আৰু অধিক আগুৱাই লৈ যোৱাৰ প্ৰেৰণা দিব।

মুখ্যমন্ত্ৰীয়ে কয় যে কাৰ্বিসকলৰ লোকসংস্কৃতি অতি চহকী আৰু এই চহকী সংস্কৃতিক কাৰ্বি যুৱ মহোৎসৱৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যাব পৰা যাব। সোণালী জয়ন্তী বৰ্ষত পদাপৰ্ণ কৰা এই যুৱ মহোৎসৱক এক নতুন মাত্ৰালৈ লৈ যোৱাৰ প্রয়োজনীয়তা আহি পৰিছে। যোৱা ৫০ বছৰৰ সফলতা বুকুত বান্ধি কাৰ্বি যুৱ মহোৎসৱ দেশৰ ভিতৰতে এক অগ্ৰণী যুৱ মহোৎসৱলৈ ৰূপান্তৰ হ’ব পাৰিব বুলিও তেওঁ মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মন্ত্ৰী যোগেন মহন, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, কাৰ্বি ৰজা লংছিং ৰংহাং, ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোছা, অসম চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ/মনোজ/অৰবিন্দ

You Might Also Like

উত্তৰ গুৱাহাটী মধ্যমখণ্ডত ভয়াৱহ পথ দুৰ্ঘটনা
নাজিৰাৰ বনভোজ স্থলীত ব্যতিক্ৰমী দৃশ্য়–গীত নৃত্যৰ লগতে কবিতি পুথি উন্মোচন | BulletsIn
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১২২ সংখ্যক ওপজা দিন উৎযাপন | BulletsIn
বাক্সাৰ গোৱৰ্দ্ধনাত আঞ্চলিক এবছুৰ ২৬তম আৰু গোৱৰ্দ্ধনা আঞ্চলিক সাহিত্য সভাৰ ১৯তম বাৰ্ষিক অধিৱেশন
মাৰ্ঘেৰিটাৰ জাগুন দহ মাইলত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভাৰতৰ মহাকাশ সংস্থাসমূহৰ ভৱিষ্যত উজ্জ্বল-ইছৰোৰ মুৰব্বী ড. এছ পি সোমনাথ
Next Article নগাঁৱৰ আমনি আমতলত ভয়ঙ্কৰ পথ দুৰ্ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?