তিনিচুকীয়া, ২৭ আগষ্ট (হি.স.): তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ জাগুন দহ মাইলত মঙলবাৰে সন্ধিয়া বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ নিমিষতে জ্বলি ছাৰখাৰ হ’ল এখন ব্যৱসায়ী প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ। জাগুন দহ মাইলৰ নিবাসী কানায়া সিং নামৰ ব্যক্তিজনৰ দোকানত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
চৰ্টচাৰ্কিতৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। অগ্নিকাণ্ডত বিস্ফোৰণ ঘটে এটা চিলিণ্ডাৰ। অগ্নিকাণ্ড ইমানেই ভয়াৱহ আছিল যে ব্যৱসায়ী জনৰ দোকানৰ লগতে বাসগৃহৰো বহু অংশ জুইত জাহ যায়। জুইৰ লেনিহান ক’লা ধোঁৱাই নিমিষতে ছানি ধৰে সমগ্ৰ অঞ্চল। অগ্নিকাণ্ডত জাহ যায় প্ৰতিষ্ঠান খনৰ লগতে ব্যৱসায়ী জনৰ বাসগৃহৰ কিছু অংশ । ভস্মীভূত হয় বহুলাখ টকাৰ সা-সম্পত্তি। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপণ কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
