-গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ত সম্বৰ্ধিত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী, বিভিন্ন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময়
গুৱাহাটী, ১৭ জানুৱাৰী (হি.স.)। ভাৰতৰ মহাকাশ সংস্থাসমূহৰ ভৱিষ্যত উজ্জ্বল বুলি মন্তব্য কৰিছে ইছৰোৰ মুৰব্বী ড. শ্ৰীধৰ পনিকৰ সোমনাথে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিজ্ঞানী ড. সোমনাথে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে। তেওঁ লগতে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতেও মত বিনিময় কৰে।
শংকৰদেৱ এডুকেচন এণ্ড ৰিচাৰ্চ ট্ৰাষ্টৰ দ্বাৰা স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণত চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু আদিত্য এল-১ৰ বিজ্ঞানীৰ মুৰব্বীৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ অধ্যক্ষ ) আজি গুৱাহাটীলৈ আহিছিল। শ্ৰীধৰ পনিকৰ সোমনাথ আজি বুধবাৰে বিয়লি ৩ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা জনায়।
অসমৰ খ্যাতনামা সাহিত্যিক, গীতিকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ প্ৰযোজক জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ‘শিল্পী দিৱস’ৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। বন্তি প্ৰজ্বলনৰ পাছত মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিকৃতিত মাল্যাৰ্পণেৰ পাছত আনুষ্ঠানিকভাৱে আৰম্ভ হয় অভ্যৰ্থনা আৰু বিনিময় কাৰ্যসূচী।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সোমনাথৰ মুখৰ পৰা শুনিছে মহাকাশ অন্বেষণৰ ক্ষেত্ৰত ভাৰতৰ সাহসী প্ৰচেষ্টা আৰু ইয়াৰ প্ৰত্যাহ্বানৰ বিষয়ে । তেওঁৰ ভাষণৰ পিছত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত সোমনাথে কয় যে ভাৰতীয় মহাকাশ সংস্থাসমূহৰ ভৱিষ্যত উজ্জ্বল। তেওঁ কয় যে ক্ষমতা এসময়ত তৰোৱালৰ দ্বাৰা সংজ্ঞায়িত হৈছিল, তাৰ পিছত প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উপলব্ধতাৰ দ্বাৰা। আজি জ্ঞানৰ আশে-পাশে সকলোকে গঢ় দিয়া সমাজ এখনৰ পটভূমিত জ্ঞানেৰে সংজ্ঞায়িত কৰা হৈছে। এখন ৰাষ্ট্ৰই নিজৰ নাগৰিকৰ জীৱন ধাৰণৰ মান উন্নীত কৰিবলৈ সক্ষম হ’লে শক্তিশালী হ’ব লাগিব বুলিও তেওঁ কয়।
কৃত্ৰিম বুদ্ধিমত্তাৰ বিপ্লৱৰ প্ৰেক্ষাপটত ড. শ্ৰীধৰ পানিকৰে কয়, আজিৰ পৃথিৱীত সামাজিক সংবেদনশীলতাক আপোচ কৰা উচিত নহয়। কাৰণ আজি ই এআইৰ দ্বাৰা চালিত। এইদৰে তেওঁ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছিল।
আজিৰ অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপৰি আন বিশিষ্ট ব্যক্তিসকলো উপস্থিত থাকে। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড. প্ৰদীপ কুমাৰ যোশী, অধ্যাপক ড. স্মৃতি কুমাৰ সিনহা, পঞ্জীয়ক অধ্যাপক ড. যোগেশ কাকতি, আয়োজক সমিতিৰ সভাপতি অধ্যাপক ড. পৰিমলচন্দ্ৰ ভট্টাচাৰ্য, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ড০ ননিগোপাল মহন্ত, শংকৰদেৱ এডুকেচন এণ্ড ৰিচাৰ্চ ট্ৰাষ্টৰ মিডিয়া আৰ্কিটেক্ট শৈলেন্দ্ৰ পাণ্ডে, প্ৰচাৰ মুৰব্বী লালজী সোণাৰি আদি বিজ্ঞানীগৰাকীৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে।
হিন্দুস্থান সমাচাৰ / সমীপ/মনোজ
